গুৱাহাটী – বিজেপি অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত ৰাজ্যিক মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হােৱা এক যোগদান অনুষ্ঠানত শনিবাৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা অসম গণ পৰিষদৰ নেতা ড০ পবনান্দ ৰাজবংশীৰ লগতে অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গােবালাই আনুষ্ঠানিকভাৱে বিজেপিত যােগদান কৰে। দলৰ নৱাগত সদস্য দুজনক বিজেপিৰ মজিয়ালৈ উম্মা আদৰণি জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে।

যোগদনা অনুষ্ঠানত ড০ পবনান্দ ৰাজবংশী আৰু ৰূপেশ গােবালাক বিজেপি দললৈ আদৰি আনি ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসে কয় যে বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তৰ দুয়োজন ব্যক্তিৰ বিজেপিত যােগদানে ভাৰতীয় জনতা পার্টিৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলি। ভাষণ প্রসংগত ৰাজ্যিক সভাপতি গৰাকীয়ে কয় যে ভাৰতীয় জনতা পার্টি ক্ষমতাৰ কাৰণে শাসনত নাহে, ভাৰতীয় জনতা পার্টি শাসনত আহে দেশ তথা সমাজ নিমার্ণৰ কাৰণে।

যোগদান অনুষ্ঠাত ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে দল আৰু ৰাইজৰ স্বাৰ্থত ছিপাঝাৰ সমষ্টিৰ পৰা ড০ পৰমানন্দ ৰাজবংশীক ৰাজ্যিক বিজেপিৰ ফালৰ পৰা প্ৰাৰ্থীত্ব প্রদান কৰা বুলি ঘােষণা কৰে। বিজেপিত যােগদান কৰি পৰমান্দ ৰাজবংশীয়ে কয় যে ভাৰতীয় জনতা পার্টি কেন্দ্রীয় নেতৃত্ব আৰু অসম গন পৰিষদৰ পাৰস্পৰিক বুজাবুজি, পৰমশ অনুসৰি একমাত্ৰ মিত্ৰজোঁটৰ লক্ষ্য তথা উদ্দেশ্য সফল কৰিবলৈ ভাৰতীয় জনতা পাটিত অংশগ্রহণ কৰিছোঁ।

নৰেন্দ্ৰ মােদীৰ আদৰ্শ, কর্মদক্ষতাৰ প্রতি গভীৰ আস্থা থকা বুলি প্ৰকাশ কৰি পৰমান্দ ৰাজবংশীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত উত্তৰ-পূর্বাঞ্চল তথা অসমৰ জাতীয় জীৱনৰ সমস্যাসমূহৰ সমাধান সম্ভৱ হৈছে। অনুষ্ঠানত নিজৰ বক্তব্য দাঙি ধৰি ৰূপেশ গােৱালাই কয় যে ভাৰতীয় জনতা পাটিৰ বৃহৎ পৰিয়ালৰ অংশীদাৰ হ’বলৈ পাই নথৈ আনন্দিত হৈছে।

তেওঁ কয় মে প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীৰ নেতৃত্বত সমগ্ৰ দেশত আৰু মুখ্যমন্ত্রী সৰ্বানন্দ সােণােৱাল, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শমা, ৰাজ্যিক বিজেপিৰ সভাপতি ৰণজিৎ কুমাৰ দাসৰ নেতৃত্বত অসমত সৰ্বাংগীন উন্নতি হৈছে তথা উন্নয়নৰ ধাৰা অব্যাহত আছে আৰু সেয়ে ২০২১ৰ বিধানসভা নিবচিনত ৰাজ্যিক বিজেপি নেতৃত্বাধীন মিত্রজোঁটে নিশ্চিতভাৱে ১০০ ৰো অধিক আসন লাভ কৰি নিজ লক্ষ্যত উপনীত হ’ব। ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক পল্লব লােচন দাসে আঁত ধৰা যােগদান কার্যসূচীত ৰাজ্যিক বিজেপিৰ উপ-সভাপতি পুলক গােহাঁই, সাংসদ ভুবেনেশ্বৰ কলিতাও উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply