দেশৰ প্ৰধানমন্ত্ৰী হৈতে “পৰীক্ষা পে চৰ্চা” শীৰ্ষক অনুষ্ঠানত ভাৰ্চুৱেলি অংশগ্ৰহণ কৰিলে মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে।প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ তালকাটোৰা ষ্টেডিয়ামত পৰীক্ষা পে-চৰ্চা ২০২২ ৰ জৰিয়তে শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰে ।

পৰীক্ষাৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ ওপৰত গুৰুত্ব দি বিশেষকৈ কোভিড কালত যোৱা দুটা বছৰে ছাত্র-ছাত্ৰীৰ হোৱা অপূৰণীয় ক্ষতি পূৰ কৰাৰ ক্ষেত্ৰত বিভিন্ন দিহা-পৰামৰ্শৰে ছাত্র-ছাত্ৰীৰ উপযোগীকৈ বক্তব্য দান কৰে ।   

দেশৰ  নতুন প্ৰজন্মক বিজ্ঞান আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত আগুৱাই নিয়াৰ বাবে চেষ্টা অব্যাহত ৰাখিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ সমান্তৰাল ভাৱে  দেশৰ শিক্ষাৰ্থী সকলৰ পৰীক্ষাৰ সময়ত হোৱা বিভিন্ন সমস্যাৰ প্ৰতি লক্ষ্য কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ” পৰীক্ষা পে চৰ্চা” শীৰ্ষক অনুষ্ঠানৰ জৰিয়তে আজি শিক্ষাৰ্থী সকলৰ সৈতে কৰিলে মত বিনিময়।

দেশৰ কেইবা লক্ষ্যাধিক শিক্ষাৰ্থীৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলেও এই অনুষ্ঠানত ভাগ লয় । দিল্লীৰ তালকটোৰা ইনডৰ ষ্টেডিয়ামত ছাত্ৰ- ছাত্ৰীৰ সকলৰ মাজত  মত বিনিময় কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ ছাত্ৰ- ছাত্ৰীৰ সকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰীৰে।  এই অনুষ্ঠানটি বিভিন্ন মাধ্যমৰ মাজেদি পোনপটীয়া সম্প্ৰচাৰৰ যোগেদি উপভোগ কৰে ডিব্ৰুগড় জিলাৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply