নগাঁওঃ বৃহস্পতিবাৰে নগাঁও আৰু কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী বামুনী পাহাৰৰ তপতজুৰিত ১৮ টাকৈ বনৰীয়া হাতীৰ মৃতদেহ উদ্ধাৰৰ পিছত আজি ঘটনাস্থলী পৰিদৰ্শন কৰে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য । এই শোকাৱহ ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে বনমন্ত্ৰীক উক্ত স্থানলৈ গৈ ঘটনাৰ চৰজমিন তদন্তৰ প্ৰতিবেদন মুখ্যমন্ত্ৰীক প্ৰদান কৰিবলৈ নিৰ্দেশনা দিয়ে।

তপতজুৰিৰ দুৰ্গম এলেকাটোত স্থানীয় লোকৰ সহযোগত পশু চিকিৎসক উপস্থিত হৈ মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা কৰিছে যদিও বৰ্তমানলৈকে কোনো ফলাফল লাভ কৰা নাই বিভাগীয় কৰ্তৃপক্ষই। স্থানীয় লোকৰ সন্দেহমৰ্মে প্ৰতিকূল বতৰৰ মাজতেই বজ্ৰপাতৰ ফলত হাতীকেইটাৰ মৃত্যু হৈছে বুলি সন্দেহ প্ৰকাশ কৰে।

বৃহস্পতিবাৰে খৰি কাটিবলৈ যোৱা স্থানীয় লোকে প্ৰথমে প্ৰত্যক্ষ কৰিছিল চাৰিটা প্ৰকাণ্ড হাতীৰ মৃতদেহ। লগে লগে কঠিয়াতলীৰ বন বিভাগক খবৰ দিয়ে। ঘটনাস্থলীত নগাঁও বনবিভাগৰ শীৰ্ষ বিষয়াৰ লগতে বনকৰ্মী উপস্থিত থকা অৱস্থাতে স্থানীয় বিধায়ক জিতু গোস্বামী উপস্থিত হৈ ক্ষীপ্ৰতাৰে মৃত্যুৰ কাৰণ জানিবলৈ তদন্তৰ নিৰ্দেশ দিয়ে।

বন বিভাগে তদন্তৰ বাবে এটা বিশেষজ্ঞৰ দল গঠন কৰিছে । ঘটনাৰ মূল কাৰণ জানিবলৈ তদন্ত অব্যাহত ৰাখিছে । পৰৱৰ্তী সময়ত হে নিশ্চিত হ’ব মৃত্যুৰ মূল কাৰণ।

আৰু পঢ়কঃআজি পবিত্ৰ ঈদ-উল-ফিটৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply