মৰাণ : অবৈধ পাৰ্কিং কৰক লৈ ক্ষুব্ধ মৰাণবাসী ৰাইজ। মৰাণত লেচীৰ অতপালিত সাৰি যোৱা নাই সাংবাদিকো। মৰাণ নগৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাৰ্কিঙৰ নামত অবৈধ কৰ সংগ্ৰহ কৰাক লৈ ক্ষুব্ধ হৈ পৰিছে মৰাণবাসী।
খোৱাং আঞ্চলিক পঞ্চায়তে “ক্লিন মৰাণ, গ্ৰীণ মৰাণ” নামেৰে একাংশ যুৱকক নিযুক্তি দি ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে। লেচীৰ অতপালি ইমানেই বাঢ়িছে যে কোনো লোকে এখন গাড়ী বা মটৰ চাইকেল অলপ সময়ৰ বাবে ৰাখিলেও জোৰ জুলুম কৰি হ’লেও ৰচিদ কাটি ধন সংগ্ৰহ কৰে। আনকি সাৰি যোৱা নাই সাংবাদিকো।
বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা মৰাণৰ একাংশ সাংবাদিকৰ পৰাও দাবী কৰি লেচীয়ে কৰ সংগ্ৰহ কৰিছে কৰ। বাইকৰ বাবদ ৫ টকা আৰু চাৰি চকীয়া বাহনত ১০ টকাকৈ কৰ লগাইছে। পথৰ দুয়োপাৰে এজন ব্যক্তিয়ে দুবাৰকৈ দিব লগা হৈছে কৰ। কেৱল ঘাইপথ আৰু পদ পথ পকী হোৱাৰ বাবেই কৰ সংগ্ৰহ কৰিছে খোৱাং আঞ্চলিক পঞ্চায়তে।
মৰাণ নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ বিভিন্ন স্থানত জাবৰৰ দ’ম, ঘাইপথৰ কাষতে সৰু সৰু দোকান, এই বিলাকলৈ ভ্ৰুক্ষেপ নাই আঞ্চলিক পঞ্চায়তৰ। কিন্তু প্ৰচলিত আইন ব্যৱস্থাক অংগুষ্ঠ প্ৰদৰ্শন কৰি অবৈধভাৱে মৰাণ নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত পাৰ্কিঙৰ নামত কৰ সংগ্ৰহ কৰিছে। এই সন্দৰ্ভতত মৰাণৰ নাগৰিক সমাজে ডিব্ৰুগড় জিলা উপায়ুক্তলৈ দাবী পত্ৰ প্ৰেৰণ কৰিছে যদিও বন্ধ হোৱা নাই লেচীৰ অতপালি।
লগতে পঢ়ক : সেনা বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত প্ৰতিবাদ
ইফালে এই সমগ্ৰ কাৰবাৰটোত প্ৰশাসনৰ কেইজনমান বিষয়ায়েও হাত উজান দিয়াৰ অভিযোগ উত্থাপিত হৈছে। অবৈধ কৰ সংগ্ৰহৰ এই কাৰবাৰটো শীঘ্ৰে বন্ধ নকৰিলে মৰাণৰ একাংশ দল-সংগঠনৰ লগতে নাগৰিক সমাজে আন্দোলনৰ দৰে কাৰ্যসূচী লোৱাৰো হুংকাৰ দিছে। ইফালে বিধায়ক চক্ৰধৰ গগৈয়ে কয় সাংবাদিকৰ আগত লেচীৰ ওপৰত ব্যৱস্থা লোৱা হ’ব বুলি আশ্বাস দিছে যদিও পাৰ্কিং কৰৰ সপক্ষতে যুক্তি দাঙি ধৰে।