মঙলদৈঃ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ পাছত বহু ভাৰতীয় নাগৰিক আৱদ্ধ হৈ আছে দেশখনত। এই ভাৰতীয় নাগৰিকসকলৰ সৰহভাগেই ছাত্ৰ-ছাত্ৰী। তাৰ মাজতে ইউক্ৰেইনত আৱদ্ধ হৈ আছে মঙলদৈ শান্তিপুৰৰ নিবাসী আইনুল হক চৌধুৰী আৰু হাচনাহাৰা বেগমৰ জ্যেষ্ঠ পুত্ৰ পাৰভেজ আলম।
জানিব পৰা মতে, আলম চুমি ষ্টেট ইউনিভাৰ্ছিটী চিকিৎসা বিজ্ঞানৰ পঞ্চম বাৰ্ষিকৰ ছাত্ৰ। আলমৰ পিতৃ আইনুল হক চৌধুৰী, মিন বিভাগৰ কনিষ্ঠ অভিযন্তা। ২০১৭ চনত চিকিৎসা বিজ্ঞানৰ ছাত্র হিচাপে ইউক্ৰেনলৈ গৈছিল পাৰভেজ।
ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত সংঘটিত যুদ্ধৰ বাবে বৰ্তমানেও স্বগৃহলৈ আহিব পৰা নাই পাৰভেজ। বৰ্তমান পাৰভেজক লৈ চিন্তিত তেওঁৰ পৰিয়াল।