নিউজ ডেস্কঃ সুদীৰ্ঘ ৪০বছৰৰ পিছত পুনৰ যাত্ৰীবাহী বিমান চলাচল কৰিব ৰূপসী বিমানবন্দৰৰ পৰা।
বুধবাৰে “ফ্লাইবিগ” কোম্পানী নামৰ এখন যাত্ৰীবাহী বিমানে নৱনিৰ্মিত ৰূপসী বিমানবন্দৰৰ ৰানৱে’ৰ লগতে এটিচি টাৱাৰ আৰু আন আন পেৰামিটাৰৰ বিস্তৃত পৰীক্ষণ সম্পন্ন কৰে।
নতুনকৈ আৰম্ভ হ’বলগীয়া ঘৰুৱা বিমান সেৱা ৮ মে’ৰ পৰা আৰম্ভ হ’ব। ৰূপচী বিমানবন্দৰৰ পৰা গুৱাহাটী আৰু কলকাতালৈ প্ৰথমটো উৰণ আৰম্ভ হ’ব ।
আৰম্ভণিতে গুৱাহাটী – কলকাতা আৰু যথা সময়ত উত্তৰ-পূবৰ অন্যান্য গন্তব্যস্থানসমূহ সামৰি লোৱা হ’ব।
ৰূপসী বিমানবন্দৰটো ধুবুৰী জিলাৰ সমীপৱৰ্তীৰ যদিও কোকৰাঝাৰ জিলাত অৱস্থিত ।
