গুৱাহাটী : নিশাৰ ৰাজপথত জ্বলিল যাত্ৰীবাহী বাহন। গুৱাহাটী মহানগৰীত নিশা ৰাজপথৰ ওপৰত দাওদাওকৈ জ্বলি উঠে এখন যাত্ৰীবাহী বাহন। কথমপি ৰক্ষা পৰে বাহনখনত থকা যাত্ৰী সকলৰ প্ৰাণ।

নিশা গুৱাহাটী মহানগৰীত সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এখন যাত্ৰীবাহী বাহনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে বাহনখনত থকা যাত্ৰী সকলৰ। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।

লগতে পঢ়ক : নলবাৰীত মহিলাৰ পৰা পাঁচ লাখ টকা লুটি নিলে চিলনী চোৰে

জালুকবাৰীৰ পৰা খানাপাৰালৈ যাত্ৰী লৈ গৈ থকা অৱস্থাত এখন মেজিক হঠাৎ দাওদাওকৈ জ্বলি উঠে ৰাজপথৰ ওপৰত। লখৰাৰ লালুং গাঁৱত যাত্ৰীবাহী বাহনখন জ্বলি উঠে। বাহনখনত থকা ৭ জনকৈ যাত্ৰীৰ কথমপি প্ৰাণ ৰক্ষা পৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply