পাঠশালাঃ অসম চৰকাৰৰ বিত্ত বিভাগে চলিত বৰ্ষৰ ১ এপ্ৰিলৰ পৰাই কাৰ্যকৰী হোৱাকৈ বিদ্যুতৰ মাচুল প্ৰতি ইউনিটত ৫৯ পইচাকৈ বৃদ্ধিৰ সিদ্ধান্ত লৈছে। এই সিদ্ধান্তৰ ফলত স্বাভাৱিকতে অসন্তুষ্ট ৰাজ্যৰ সাধাৰণ জনতা পিছে এই সন্দৰ্ভত শক্তিমন্ত্ৰী বিমল বৰাৰ প্ৰতিক্ৰিয়া জানিব খোজাত মন্ত্ৰীগৰাকীয়ে পাঠশালাত সাংবাদিকৰ আগত দিলে অদ্ভুত যুক্তি। মন্ত্ৰী বিমল বৰাৰ মতে ৫৯ পইচাৰ পৰিৱৰ্তে প্ৰতি ইউনিট বিদ্যুতৰ মাচুলত বাঢ়িব লাগিছিল ২ টকাৰো অধিক।
বুধবাৰে নৱ গঠিত বজালী জিলাৰ উন্নয়নৰ খতিয়ান ল’বলৈ পাঠশালাত উপস্থিত হয় অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু তাৰ পিছতে বিদ্যুতৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত এনেদৰে তুলুঙা মন্তব্য আগবঢ়ায়। মন্ত্ৰীগৰাকীয়ে যুক্তি দিয়ে যে কোৰোণাৰ বাবে বৃদ্ধি পাইছে বিদ্যুতৰ মাচুল আৰু এনেসময়ত ৫৯ পইচা নহয়,বাঢ়িব লাগিছিল প্ৰতি ইউনিটত ২ টকা বা তাতকৈ অধিক।
ইফালে ৰাজ্যসভা নিৰ্বাচনৰ সন্দৰ্ভত বিমল বৰাই কয় যে ৰাজ্যসভাৰ দুয়োখন আসনে বিজেপি দলয়ে লাভ কৰিব। বিৰোধী বহু বিধায়েক বিজেপিক ভোট দিব। ইতিমধ্যে কেইবাগৰাকী বিৰোধী বিধায়কে আস্থা প্ৰকাশ কৰিছে।