পাঠশালাঃ বজালী জিলাৰ পাঠশালাৰ এপিজে আব্দুল কালাম হোষ্টেলত ভয়ংকৰ কাণ্ড। হোষ্টেলখনত থকা আনন্দৰাম বৰুৱা একাডেমীৰ ছাত্ৰক হোষ্টেলৰ মালিকে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।
পাঠশালাৰ এপিজে আব্দুল কালাম হোষ্টেলৰ স্বত্বাধিকাৰীয়ে বহুদিনৰে পৰা হোষ্টেলৰ ছাত্ৰসকলক বিভিন্ন কাৰণত হাৰাশাস্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে। সৰু সৰু কথাতে ছাত্ৰক প্ৰহাৰ কৰে হোষ্টেলখনৰ স্বত্বাধিকাৰীয়ে।
ছাত্ৰসকল ৰুমৰ পৰা ওলাই আহিব নোৱাৰাকৈ বাহিৰৰ পৰা তলাবন্ধ কৰি থয় মালিকে। মালিকৰ আচৰণত এতিয়া শংকিত হৈ পৰিছে হোষ্টেলৰ আবাসীসকল। এইখন হোষ্টেলত নিৰাপদ অনুভৱ নকৰে বুলি মন্তব্য কৰিছে হোষ্টেলখনত বাস কৰা এগৰাকী ছাত্ৰই। এই ঘটনাই এতিয়া অভিভাৱকসকলৰ মাজতো চাঞ্চল্যৰ সৃষ্টি কৰিছে।