নিউজ ডেস্কঃ ব্ৰহ্মপুত্ৰৰ বুকুয়েদি জলপৰিবহণ ব্যৱস্থা। দেওবাৰে পাণ্ডু পোৰ্টত আহি উপস্থিত হৈছেহি মালবাহী জাহাজ এম ভি লালবাহাদুৰ শাস্ত্ৰী। পাটনাৰ পৰা আহিছে এই মালবাহী জাহাজখন।
পুৱাই পাণ্ডু পোৰ্টত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনাই এই কাৰ্গো জাহাজখনক। উল্লেখ্য যে,
যোৱা ৫ ফেব্ৰুৱাৰীত খাদ্য-শস্য লৈ পাটনাৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল জাহাজখনে।
পাটনাৰ পৰা বাংলাদেশ হৈ জলপথেৰে অসমত উপস্থিত হোৱা মালবাহী জাহাজখনে ২,৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছে। ভাৰত চৰকাৰৰ বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰালয়ৰ তৎপৰতাত লোৱা হৈছে এই পদক্ষেপ।
এই সমগ্ৰ কাৰ্যত উদ্যোগ গ্ৰহণ কৰিছে বন্দৰ, জাহাজ আৰু জলপথ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰধানমন্ত্ৰীৰ “এক্ট ইষ্ট” নীতি অনুসৰি, জলপথৰ জৰিয়তে উত্তৰ-পূব অঞ্চলৰ সৈতে যোগাযোগ উন্নত কৰাৰ বাবে ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণে হাতত লৈছে কেইবাটাও অভিলাসী প্ৰকল্প।