নগাঁও : ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নগাঁও জিলাতো বুধবাৰে সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীৰ অধীনত শিশু সকলৰ পি চি ভি ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। নগাঁও সদৰত থকা নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত জিলা উপায়ুক্ত কবিতা পদ্মনাভনে পি চি ভি ভেকচিন প্ৰদান কাৰ্যসূচীৰ শুভাৰম্ভ কৰে।
বন্তি প্ৰজ্বলনেৰে জিলা উপায়ুক্ত গৰাকীয়ে এই কাৰ্যসূচীৰ আৰম্ভ কৰাৰ পিছতেই শিশুসকলক পি চি ভি ভেকচিন প্ৰদান কৰা হয়। বুধবাৰে প্ৰথম গোটটোত ৫ জন শিশুক পি চি ভি ভেকচিন প্ৰদান কৰা হয়। উল্লেখযোগ্য যে নিউমোনিয়া আৰু মেনিন্জাইটিচৰ বাবে মূলতঃ প্ৰতিৰোধী ক্ষমতা সৃষ্টি কৰা এই পি চি ভি টীকা সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীৰ অধীনত বৰ্তমান বিনামূলীয়াকৈ উপলব্ধ।
লগতে পঢ়ক : গোলাঘাটৰ মেৰাপানীত চুলাই মদ বনোৱাৰ উদ্দেশ্যে ৰখা ২৫০০ টিং লালি গুড় ধ্বংস
বুধবাৰে এই ভেকচিন প্ৰদান কাৰ্যসূচীৰ লগত সংগতি ৰাখি এক সভাও অনুষ্ঠিত হয়। নগাওঁ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডঃ অতুল পাটৰৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। এই ব্যয় বহুল ভেকচিন বিনামূলীয়াকৈ শিশুসকলৰ বাবে উপলব্ধ হোৱাৰ বাবে বিধায়ক গৰাকীয়ে বৰ্তমানৰ চৰকাৰখনক আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে।