গুৱাহাটী : শান্তি আলোচনাৰ মেজলৈ আহিবলৈ হ’লে আলফাই স্বাধীন অসমৰ দাবী বাদ দিব লাগিব। এই মন্তব্য মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত শর্মাই এইদৰে কয়।
মুখ্য মন্ত্ৰীয়ে কয়, ‘আলফা (স্বাঃ) সেনাধক্ষ পৰেশ বৰুৱাই বাৰে বাৰে কৈ আহিছে যে সাৰ্বভৌমত্বৰ বাহিৰে তেওঁ বেলেগ বিষয় আলোচনা নকৰে কিন্তু মই সাৰ্বভৌমত্বক ৰক্ষা কৰাৰ শপত গ্ৰহণ কৰিছো। দুয়োটা পৰস্পৰবিৰোধী।’
‘একে সময়তে, তেওঁলোকৰ অভাৱ-অভিযোগ বা বিভিন্ন বিষয় আলোচনা কৰিবলৈ আমি যদি বেলেগ এটা শব্দ ব্যৱহাৰ কৰিব পাৰো তেন্তে এই দিশত আমি কিছু আগুৱাব পাৰিব। সাৰ্বভোমত্ব শব্দটো ননাকৈ কিছুমান গুৰুত্বপূৰ্ণ বিষয়কলৈ আলোচনাৰ বাবে আলফাৰ প্ৰধান গৰাকীক ৰাজী কৰাবলৈ কেইবাগৰাকীয়ো সৎ ব্যক্তিয়ে চেষ্টা চলাই আছে। দেখা যাওক কি হয়,’ শৰ্মাই কয়।
তেওঁ আৰু কয়, ‘এই সমস্যাটোৰ কোনো তাৎক্ষণিক উত্তৰ নাই, সময়ত ইয়াৰ উত্তৰ ওলাব। মই আশাবাদী, অৱশ্যে একে সময়তে এই ধৰণৰ বিষয় বিলাকত আগতীয়াকৈ একো ক’ব নোৱাৰি।’
উল্লোখযোগ্য যে ১০ মে’ত মুখ্য মন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰাৰ পিছতে হিমন্ত বিশ্ব শৰ্মাই আলফা (স্বাঃ) আলোচনাৰ মেজলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছিল।
লগতে পঢ়ক : বাঘজান কাণ্ড : ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ভূমিকাক লৈ মুঠেই সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়
ইয়াৰ পিছত আলফাই অ’ এন জি চিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াক মুকলি কৰি দিয়াৰ লগতে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰাক লৈ হিমন্ত বিশ্ব শৰ্মাৰ দিনত আলফা-চৰকাৰৰ শান্তি আলোচনা বাট মুকলি হ’ব বুলি বিভিন্ন মহলত চৰ্চা চলিছিল।
কিন্তু, এতিয়া মুখ্য মন্ত্ৰীজনে আগবঢ়োৱা, স্বাধীন অসমৰ দাবী বাদ দি আলোচনাৰ মেজলৈ অহাৰ, প্ৰস্তাৱক আলফাৰ সেনাধক্ষ পৰেশ বৰুৱাই মানি লোৱা সম্ভাৱনা যথেষ্ট ক্ষীণ।