নিউজ ডেস্ক : পেগাছাচ স্পাইৱেৰ বিতৰ্কই এতিয়া দেশৰ ৰাজনীতিত তুলপাৰ সৃষ্টি কৰিছে। বিৰোধী দলসমূহে মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে ইজালাইলৰ প্ৰতিষ্ঠান NSOই নিৰ্মাণ কৰা পেগাছাচ স্পাইৱেৰ ছফ্টৱেৰৰ সহায়ত দেশৰ সাংবাদিক, অধিবক্তা, বিৰোধী ৰাজনৈতিক নেতা সকলৰ ওপৰত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে।

ইপিনে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই গোটেই বিষয়টোক মোদী চৰকাৰৰ বিৰুদ্ধে এক ষড়যন্ত্ৰ বুলি অবিহিত কৰিছে। আজি এখন সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এয়া মোদী চৰকাৰৰ বিৰুদ্ধে এক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষড়যন্ত্ৰ বুলি মন্তব্য কৰে।

দেশত যেতিয়াই ভাল কাম হয়, তেতিয়াই বিদেশী ৰাষ্ট্ৰই ষড়যন্ত্ৰ আৰম্ভ কৰে বুলি মন্তব্য কৰি তেওঁ লগতে কংগ্ৰেছো সমালোচনা কৰি কয়, ‘’কংগ্ৰেছৰ নিজৰেই ট্ৰেক ৰেকৰ্ড এনেধৰণৰ, টেলিফোন ৰেকৰ্ডিং কৰিছিল। এইবোৰ কৰাত ডক্তৰেটধাৰী কংগ্ৰেছে এতিয়া অভিযোগ কৰিছে।’

আনহাতে পেগাছাচৰ বিষয়টো ফাদিল কৰা ফ্ৰান্সৰ এমনেষ্টি ইন্টাৰনেচনেলৰ দৰে সংস্থাসমূহক নিষিদ্ধ কৰিব লাগে বুলি উল্লেখ কৰি শৰ্মাই কয় যে এমনেষ্টি ইন্টাৰনেচেলে বাঁও উগ্ৰপন্থাক সহায় কৰে৷ ‘এটা ডাটাবেছ পোৱাৰ কথা কোৱা হৈছে যদিও কাৰো ফোন ফৰেনচিক পৰীক্ষা কৰা হোৱা নাই৷ গতিকে কোনো প্ৰমাণ নোহোৱাকৈ কেনেকৈ এই অভিযোগ উত্থাপন কৰা হৈছে?’ তেওঁ প্ৰশ্ন কৰে।

উল্লেখযোগ্য যে শেহতীয়াভাৱে বাহিৰলৈ অহা এখন তালিকাত বিশ্বৰ ৫০ হাজাৰ লোকৰ নাম প্ৰকাশ পাইছে যি পেগাছাচৰ চোৰাংচোৱাগিৰিৰ সাম্ভাব্য চিকাৰ হৈছে ইয়াত ভাৰতৰ ৪০ গৰাকীতকৈ অধিক সাংবাদিকৰ নামো আছে।

ভাৰতীয় সংবাদ প্ৰতিষ্ঠান The Wire-ৰ এক শেতহীয়া প্ৰতিবেদনত প্ৰকাশ পোৱা মতে দেশৰ কংগ্ৰেছৰ নেতা ৰাহুল গান্ধি, নিৰ্বাচনী কৌশলবিদ প্ৰশান্ত কিশোৰ আৰু নতুন তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱো পেগাছাচ স্পাইৱেৰৰ সাম্ভ্যব্য চিকাৰ।

লগতে পঢ়ক : পেগাছাচ বিতৰ্ক: চৰকাৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰিৰ অভিযোগ; চিকাৰ সাংবাদিক, ৰাজনৈতিক ব্যক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply