গুৱাহটী: পেঞ্চন প্ৰক্ৰিয়াত কেইবাটাও গুৰুত্বপূৰ্ণ সিধান্ত ঘোষণা কৰে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি কামৰূপ মহানগৰৰ পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰি মুখ্য মন্ত্ৰীয়ে চৰকাৰৰ নতুন সিদ্ধান্ত সমূহৰ কথা ঘোষণা কৰে।
চৰকাৰী কৰ্মচাৰীসকলে যাতে অৱসৰৰ পাছতেই কোনো সমস্যা নোহোৱাকৈ তেওঁলোকৰ পেঞ্চন লাভ কৰে তাৰ বাবে অৱসৰৰ এবছৰৰ পূৰ্বৰে পৰা এনে কৰ্মচাৰীসকলক সাজু কৰি তোলা হ’ব বুলি মুখ্য মন্ত্ৰী জানিব দিয়ে।
তেওঁ কয়, ”যিসকল চৰকাৰী কৰ্মচাৰীয়ে পেঞ্চন পাবলৈ এবছৰ সময় থাকে তেওঁলোকে তেতিয়াৰ পৰাই জিলাসমূহত থকা পেঞ্চন সেৱা কেন্দ্ৰৰ সৈতে যোগাযোগ কৰিব লাগে। পেঞ্চন সেৱা কেন্দ্ৰত চাৰ্ভিচ বুকখন স্কেনিং কৰি তাৰ পৰাই ছফ্টৱেৰৰ জৰিয়তে পেঞ্চন সঞ্চালকালয়লৈ পঠিয়াই দিব পাৰিব। অৰ্থাৎ পেঞ্চনৰ বাবে এতিয়া দিছপুৰ অহাৰ প্ৰয়োজন নাথাকে, চাৰ্ভিচ বুক আৰু পেঞ্চন লাভৰ বাবে দৰকাৰী নথি নিজ লিজাৰ পেঞ্চন সেৱা কেন্দ্ৰলৈ লৈ আনিলেই হ’ব।”
ইয়াৰ উপৰি পেঞ্চনৰ সমগ্ৰ প্ৰক্ৰিয়া পেপাৰলেচ কৰা হ’ব বুলিও মুখ্য মন্ত্ৰী লগতে জানিবলৈ দিয়ে। ”পেঞ্চন সেৱা কেন্দ্ৰ স্থাপন হোৱাৰ পিছত আপোনালোকে মেনুৱেলী একো কাগজ নপঠাব। কাৰণ মেনুৱেলী কাগজ পঠিওৱাৰ ব্যৱস্থা লাহে লাহে আমি অসম চৰকাৰত নোহোৱা কৰি আহি আছো আৰু অহা ২ অক্টোবৰৰ পৰা অসম সচিবালয়ো সম্পূৰ্ণৰূপে পেপাৰলেচ হৈ যাব,” তেওঁ কয়।
মুখ্য মন্ত্ৰী জনোৱা মতে সমগ্ৰ অসমত ২৭টা পেঞ্চন সেৱা কেন্দ্ৰ মুকলি কৰা হৈছে আৰু ইয়াক ৩৫ টালৈ বৃদ্ধি কৰা হ’ব।
পূৰ্বৰ তুলনাত এতিয়াৰ পৰা পেঞ্চন প্ৰক্ৰিয়া সহজ কৰি তোলা হৈছে বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে কয়, ”পেঞ্চনৰ ব্যৱস্থাক সম্পূৰ্ণ সহজ আৰু সৰলীকৃত কৰি তুলিছো।”
লগতে পঢ়ক – তৃতীয়ৰ পৰা দ্বাদশ শ্ৰেণীলৈ অংক আৰু বিজ্ঞানৰ পাঠদান ইংৰাজীত হ’ব