মানকাচৰ : কভিড মহামাৰী সম্পৰ্কে দক্ষিণ শালমাৰা-মানকচাৰ জিলাৰ নতুন নিৰ্দেশনা। মাক্স পৰিধান নকৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা। জিলা প্ৰশাসনৰ নিৰ্দেশনাৰ পিছতো নিয়ন্ত্ৰনহীন হাটশিঙিমাৰী সপ্তাহিক বজাৰ। চৰকাৰী নিৰ্দেশনাৰ বিপৰীত ছবি দেখিবলৈ পোৱা গ’ল হাটশিঙিমাৰী সপ্তাহিক বজাৰত।

ৰাজ্য চৰকাৰে অসমৰ প্ৰতিখন জিলাত ৰাইজে ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিলে সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাক্স পৰিধান কৰাটো বাধ্যতামূলক বুলি নিৰ্দেশনা প্ৰদান কৰিছে। চৰকাৰৰ এই নিৰ্দেশনাৰ পিছতে দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে মাইকযোগে জিলাখনৰ ঠায়ে ঠায়ে কভিড সম্পৰ্কে চৰকাৰৰ নিৰ্দেশনাৰ বিষয়ে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হয়।

আৰু পঢ়কঃ মৰিগাঁৱত কভিড মহামাৰীয়ে ভয়াবহ ৰূপ ধাৰণ কৰিছে

আইন নমনা সকলৰ বিৰুদ্ধে ১০০০ টকাৰ জৰিমনা বিহা হ’ব বুলি জিলা প্ৰশাসনে মাইকযোগে ঘোষণা কৰে। কভিডৰ দ্বিতীয় ঢৌ দক্ষিণ শালমাৰা-মানকাচৰ জিলাত বৰ্তমানলৈকে ভয়াবহ ৰূপ ধাৰণ কৰা নাই যদিও জিলাখনক কভিডৰ পৰা সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে জিলা প্ৰশাসনে অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে ৰাইজক কভিডৰ নতুন নিৰ্দেশনাৰ বিষয়ে অৱগত কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

দক্ষিণ শালমাৰা- মানকাচৰৰ জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰ জিলাবাসীক আহ্বান জনায় যে কোনো লোক অযথা ঘৰৰ পৰা বাহিৰত ওলাব নালাগে আৰু বিশেষ প্ৰয়োজনত যদি কোনো লোক ঘৰৰ পৰা ওলাই আহে তেন্তে তেওঁ সামাজিক দূৰত্ব মানি চলাৰ লগতে মুখত মাক্স পৰিধান কৰাটো বাধ্যতামূলক। কোনো লোক যদি চৰকাৰ তথা জিলা প্ৰশাসনৰ এই নিৰ্দেশনা অমান্য কৰে তেন্তে তেওঁৰ বিৰুদ্ধে জিলা প্ৰশাসনে ১০০০ টকাৰ জৰিমনা বিহিব বুলি উপায়ুক্ত গৰাকীয়ে সাংবাদিকৰ
আগত মন্তব্য কৰে।

তদুপৰি জিলাৰ সদৰ হাটশিঙিমাৰী সপ্তাহিক বজাৰকে ধৰি জিলাখনৰ অন্যান্য বজাৰত জিলা প্ৰশাসনে মাইকযোগে প্ৰচাৰ চলাই সকলো ৰাইজক চৰকাৰী নিৰ্দেশনা মানিবলৈ আহ্বান জনায়। ইফালে জিলা উপায়ুক্ত গুৰদ্বীপ সিং পানেশ্বৰে কয় যে দক্ষিণ শালমাৰা-মানকাচৰ জিলাত পৰ্যাপ্ত পৰিমানে কভিডৰ টীকা মজুত আছে। ৪৫ বছৰৰ উৰ্ধৰ সকলো নাগৰিকক জিলাখনৰ স্বাস্থ্য কেন্দ্ৰ সমূহলৈ গৈ কভিডৰ ভেকছিন ল’বলৈ উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়।

আৰু পঢ়কঃ ভাৰতত এটা দিনত অভিলেখ সংখ্যক ২,৭৩,৮১০ গৰাকী লোক ক’ভিডত আক্ৰান্ত

একেদৰে জিলাখনত কভিডৰ পৰীক্ষা যথেষ্ট পৰিমাণে হ্ৰাস হৈ আছে। ৰাইজে যাতে চিকিৎসা কেন্দ্ৰত আগবাঢ়ি গৈ নিজে নিজে কভিডৰ পৰীক্ষা কৰি স্বাস্থ্য বিভাগক সহায় কৰে ইয়াৰ বাবেও জিলাবাসীক উপায়ুক্ত গৰাকীয়ে আহ্বান জনায়। দক্ষিণ শালমাৰা-মানকাচৰ জিলা প্ৰশাসনে জিলাবাসীক মাক্স
পৰিধান কৰিবলৈ নিৰ্দেশ দি জৰিমনা বিহাৰ কথা প্ৰকাশ কৰিলেও জিলাৰ সদৰত থকা হাটশিঙিমাৰী সপ্তাহিক বজাৰত একাংশ লোক কোনো ধৰণৰ নিৰ্দেশনা নামানি বজাৰত বেচা-কিনা কৰা পৰিলক্ষিত হয়।

বজাৰখনত দুই-চাৰিজন লোকৰ বাহিৰে অধিকাংশ লোক মাক্স পৰিধান নকৰা দেখিবলৈ পোৱা যায়। জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত থকা বজাৰখনতেই এনে পৰিস্থিতি হ’লে জিলাখনৰ আন প্ৰান্তত কি পৰিস্থিতি হ’ব পাৰে সেয়া স্পষ্ট। তাতপৰ্যপূৰ্ণ বিষয় এয়া যে জিলা প্ৰশাসনে মাক্স পৰিধান কৰাৰ নিৰ্দেশনা প্ৰদান কৰাৰ পিছতো বজাৰত একাংশ আৰক্ষীৰ লোকেও মুখত মাক্স পৰিধান নকৰি বজাৰত ঘুৰা-ফুৰা কৰাৰ লগতে কৰ্তব্য পালন কৰা দেখিবলৈ পোৱা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,881 other subscribers

Leave a comment

Leave a Reply