গোৰেশ্বৰঃ গোৰেশ্বৰত নিম্ন মানৰ টেলিকম সেৱাত অতিষ্ট হৈছে ৰাইজ ৷
ডিজিটেল ইণ্ডিয়াৰ কথা কোৱা বিজেপি চৰকাৰে সকলো শ্ৰেণীৰ লোকৰ দৈনন্দিন কাৰ্যকলাপ সমূহৰ ডিজিটেল সম্প্ৰসাৰণ কৰাৰ সময়তে এতিয়া টেলিকম কোম্পানিসমূহৰ নিম্ন সেৱাত চিন্তিত হৈছে ৰাইজ।
জিঅ’,এয়াৰটেল,ভোডাফোন আদি কোম্পানিৰ নেটৱৰ্কৰ সমস্যাই জীয়াতু ভুগাইছে বাক্সাৰ বৃহত্তৰ গোৰেশ্বৰ অঞ্চলবাসী ৰাইজক ৷
লগতে পঢ়কঃনগাঁও বাইপাছত ডকাইতৰ সন্ত্ৰাস, গুলীচালাত আহত গাড়ীচালক
গোৰেশ্বৰ,নাওকাটা,মহৰিপাৰা,শুৱাগপুৰ আদি অঞ্চলৰ গাৱে-ভূঞে নেটৱৰ্কৰ সমস্যাই হাৰাশাস্তি কৰি আহিছে ছাত্ৰ-ছাত্ৰীকে আদি কৰি সকলো শ্ৰেণীৰ লোকক ।
দেশৰ কভিড পৰিস্থিতিৰ বাবে ছাত্ৰ-ছাত্ৰী সকলক কৰা অনলাইন পাঠদানৰ ব্যৱস্থাটো ব্যাঘাত হানিছে নেটৱৰ্কই সমস্যাই ।
সেয়ে অতি শীঘ্ৰে এই কোম্পানিসমূহক নেটৱৰ্ক সেৱা উন্নত কৰিবলৈ দাবী জনায়ছে স্থানীয় ৰাইজে ।