নিউজ ডেস্ক: মহানগৰীৰ খাৰঘুলিৰ জলবিস্ফোৰণৰ চাঞ্চল্য অব্যাহত আছে। জলবিস্ফোৰণৰ ফলত গৃহহাৰা হোৱা বহুকেইটা পৰিয়ালে আশ্ৰয় লৈছে জয়পুৰ প্রাথমিক বিদ্যালয়ত।
বুধবাৰে নিশা ঘটনাস্থলীত উপস্থিত হয় মন্ত্রী অশোক সিংঘাল আৰু ঘটনাস্থলীৰ পৰিস্থিতি অধ্যয়ন কৰে মেয়ৰ মৃগেণ শৰণীয়াই।
উল্লেখ্য যে, বুধবাৰে দিনৰ ভাগত খাৰঘূলিৰ জয়পুৰত গেমনৰ পাইপ ফাটি জলবিস্ফোৰণৰ সৃষ্টি হৈছিল। জলবিস্ফোৰণত সুমিত্রা ৰাভা নামৰ এগৰাকী মহিলা নিহত হোৱাৰ লগতে ১৯ জনকৈ লোক আহত হৈছে।
পানীৰে সোঁতে উটুৱাই নিছিল যথেষ্ট সংখ্যক বাহন। ক্ষতিগ্ৰস্ত প্ৰায় ৪০টাকৈ বাসগৃহ। এই ঘটনাৰ উচিত তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে।