নলবাৰী : ড্ৰাগছ আসক্ত যুৱক আটক কৰি ৰাইজে গতাই দিলে আৰক্ষীক। মুকালমুৱাত ৰাইজে আটক কৰিলে এজন ড্ৰাগছ আসক্ত যুৱকক। ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰে যুৱক জনক। অন্য এজন ড্ৰাগছ সেৱনকাৰী পলায়ন কৰিবলৈ সক্ষম হয়।

অসম আৰক্ষীয়ে বিগত কিছুদিন ধৰি ড্ৰাগছ বিৰুদ্ধে জেহাদ ঘোষণা কৰি তীব্রতৰ কৰি তুলিছে ড্ৰাগছ বিৰোধী অভিযান। ইতিমধ্যে উজনিৰ পৰা নামনিলৈকে ড্ৰাগছ বিৰোধী অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰিছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰীক।

অসম আৰক্ষীৰ ড্ৰাগছ মুক্ত অসম অভিযানক সমগ্ৰ ৰাজ্যবাসীয়ে প্ৰশংসা কৰাৰ লগতে ৰাইজে আৰক্ষীক পূৰ্ণ সহযোগ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছে। আৰক্ষীৰ এই প্ৰশংসনীয় পদক্ষেপৰ ফলত ৰাইজো ওলাই আহিছে ড্ৰাগছৰ বিৰুদ্ধে। ইয়াৰে এক উদাহৰণ দেখিবলৈ পোৱা গ’ল নলবাৰী জিলাত।

লগতে পঢ়ক : ক্ৰীড়ামন্ত্ৰী বিমল বৰাক সম্বৰ্ধনা জনালে অসম অলিম্পিক সন্থাই

সোমবাৰে নলবাৰী জিলাৰ মুকালমুৱাৰ সাপকাটা পেট্ৰ’ল পাম্পৰ সন্মুখত ড্ৰাগছ সেৱন কৰি থকা সময়ত এজন ড্ৰাগছ আসক্ত যুৱকক ৰাইজে আটক কৰে।ৰাইজে যুৱকজনৰ কবলৰ পৰা ড্ৰাগছ সেৱন কৰা চিৰিঞ্জ জব্দ কৰে। ড্ৰাগছ আসক্ত এজন যুৱকক ৰাইজে আটক কৰে যদিও অন্য এজন যুৱক পলায়ন কৰিবলৈ সক্ষম হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply