ৰূপহীহাট : ৰূপহীহাটৰ তিনিচুকীয়াত ৰাজপথৰ জৰাজীৰ্ণ অৱস্থা। ৰাজপথৰ জৰাজীৰ্ণ অৱস্থা দেখি ৰাইজে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰিলে। ৰাজপথৰ ওপৰত ভূঁই ৰুই খেতি কৰিলে ৰাইজে।

সদ্য অনুষ্ঠিত বিধানসভা নিৰ্বাচনত ৰূপহীহাটৰ পৰা অভিলেখ সংখ্যক ভোট লাভ কৰি সমষ্টিটোৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নুৰুল হুদাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে সমষ্টিবাসী ৰাইজে। নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা সমষ্টিটোৰ বাট-পথৰ শোচনীয় অৱস্থাৰ বাবে ৰাইজে বিধয়াক গৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে।

সমষ্টিটোৰ তিনিচুকীয়া গাঁও পঞ্চায়তৰ ফজলুল বেপাৰীৰ গৃহৰ পৰা জালাল উদ্দিন প্ৰফেছাৰৰ গৃহলৈ যোৱা পথছোৱাই পোহৰলৈ আনিছে সমষ্টিটোৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ। পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে প্ৰতিবাদ জনাবলৈ ওলাই আহে গাঁওখনৰ ৰাইজে। ৰাইজে সাব্যস্ত কৰে অভিনৱ পদ্ধতিৰে প্ৰতিবাদ।

লগতে পঢ়ক : ৰড চিণ্ডিকেটৰ লগত জড়িত এআইইউডিএফৰ ফেকামাৰী আঞ্চিলক সমিতিৰ নেতা

বোকাময় পথটোৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদী সাব্যস্ত কৰে ৰাইজে। উল্লেখ্য যে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে বছৰৰ পিছত বছৰ ধৰি যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে ৰাইজে। বিধায়কক বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছতো পথটোৰ নিৰ্মাণ কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিধায়ক গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply