গুৱাহাটী : আজি বিশ্ব পৰিৱেশ দিৱসৰ দিনাই চৰকাৰক তীব্ৰ সমালোচনা কৰিলে দীপৰ বিলবাসী ৰাইজ। গছ পুলি ৰোপণ কৰি পৰিৱেশ দিৱস পালন কৰা চৰকাৰখনৰ দীপৰ বিল সংৰক্ষণৰ কোনো গুৰুত্ব নাই বুলি অভিযোগ দীপৰ বিলবাসী ৰাইজৰ। প্ৰদূষণ আৰু বেদখলকাৰীৰ কবলত পৰি মৃত্যুৰ ক্ষণ গনিছে দীপৰ বিল কিন্তু চৰকাৰে কেৱল আশ্বাস প্ৰদান কৰি নিজৰ দায়িত্ব পালন কৰিছে।

আজি সমগ্ৰ বিশ্ববাসীয়ে পালন কৰে বিশ্ব পৰিৱেশ দিৱস। প্ৰতিবছৰে ৫ জুন তাৰিখে পালন কৰা হয় এই দিৱস। পৰিৱেশ ৰক্ষাৰ বাবে বিশ্ববাসীৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। সমগ্ৰ বিশ্বতে আজিৰ দিনটোত গছ পুলি ৰোপণৰ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন কাৰ্যসূচী ৰূপায়ন কৰা পৰিলক্ষিত হয়। অসমতো প্ৰতি বছৰে এই দিৱস পালন কৰা হয়। প্ৰতি বছৰে আজিৰ দিটোত চৰকাৰ, বন বিভাগৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী সন্থা ওলাই আহি গছ পুলি ৰোপণ কৰে।

প্ৰতি বছৰৰ দৰে এই বছৰো চৰকাৰৰ লগতে বিভিন্ন চৰকাৰী-বেচৰকাৰী সন্থা ওলাই আহি গছ পুলি ৰোপণ কৰা পৰুলক্ষিত হয়। পৰিৱেশ দিৱস পালন কৰাৰ উদ্দেশ্যেৰে এদিন ওলাই আহি কেৱল গছ পুলি ৰোপণ কৰিলেই আমাৰ দায়িত্ব শেষ নে ? এইদৰে গছ পুলি ৰোপণ কৰি আমি আমাৰ পৰিৱেশ ৰক্ষা কৰিব পাৰিম নে ? চৰকাৰলৈ এই প্ৰশ্ন অসমৰ একমাত্ৰ ৰামছাৰ ছাইট দীপৰ বিলৰ কাষৰীয়া ৰাইজৰ। এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল বিষয় বস্তু ‘পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ’ কেৱল গছ পুলি ৰোপণ কৰিলেই এই বিষয় বস্তুক প্ৰাধান্য প্ৰদান কৰা অসম্ভৱ।

পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ কৰিবলৈ হ’লে পৰিৱেশ তন্ত্ৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংগ জলাশয় সমূহ সংৰক্ষণ কৰিবলৈ প্ৰথমে আগুৱাই আহিব লাগিব চৰকাৰ। কিন্ত বাস্তৱ ক্ষেত্ৰত জলাশয় সমূহ সংৰক্ষণৰ ক্ষেত্রত চৰকাৰ কিমান আগ্ৰহী ইয়াৰ জ্বলন্ত প্ৰমাণ দেখিবলৈ পোৱা যায় দীপৰ বিলৰ ক্ষেত্ৰত। বিভিন্ন প্ৰজাতিৰ দেশী-বিদেশী পক্ষীৰ লগতে বনৰীয়া হাতীৰ বিচৰণস্থলী দীপৰ বিল এতিয়া যুঁজ চলাই আছে নিজৰ অস্তিত্ব ৰক্ষাৰ বাবে। বৰাগাঁৱৰ ডাম্পিং গ্ৰাউণ্ডৰ প্ৰদূষিত পানী আৰু দীপৰ বিলৰ ভূমিত পৰা বেদখলকাৰীৰ দৃষ্টিয়ে ইতিমধ্যে নিঃশেষ কৰি পেইলাইছে দীপৰ বিলৰ পৰিৱেশ।

আজি পৰিৱেশ দিৱসৰ দিনা দীপৰ বিলৰ পাৰত গছ পুলি ৰোপণ কৰি আজাৰা ছাত্ৰ সন্থা, চকৰ্ডেউ ছাত্ৰ সন্থা আৰু দীপৰ বিলৰ কাষত বসবাস কৰা প্ৰকৃতিপ্ৰেমী ৰাইজে চৰকাৰে দীপৰ বিল সংৰক্ষণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰা বুলি চৰকাৰক তীব্ৰ সমালোচনা কৰে। প্ৰমোদ কলিতা নামৰ এজন স্থানীয় প্ৰকৃতপ্ৰেমী যুৱকে এই সন্দৰ্ভত কয় “দীপৰ বিলৰ অৱস্থা দিনক দিনে অতিকৈ শোচনীয় হ’বলৈ ধৰিছে। দীপৰ বিলক সংৰক্ষণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ পৰিকল্পনা দেখিবলৈ পোৱা নাযায়। বিভিন্ন সময়ত চৰকাৰে দীপৰ বিল সংৰক্ষণৰ বাবে আঁচনি গ্ৰহণ কৰে, সভা-সমিতি পাতে কিন্তু শেষত সকলো শূণ্য হৈ থাকে।”

আৰু পঢ়কঃ হোজাই জিলাৰ গণীপুৰৰ অবৈধ গো-মাংসৰ দোকানৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

সোণোৱাল চৰকাৰৰ দিনত দীপৰ বিলৰ উন্নয়নৰ বাবে দীপৰ বিল সংৰক্ষণ আৰু উন্নয়ন নামৰ এখন সমিতি গঠন কৰা হৈছিল যদিও সোণোৱাল চৰকাৰৰ পাঁচটা বছৰে কেৱল সমিতিখনে গঠন হ’ল কিন্তু দীপৰ বিলৰ কোনো ধৰণৰ উন্নয়ন নহ’ল। সোণোৱাল চৰকাৰৰ সময়ত বনমন্ত্ৰীৰ দায়িত্বত থকা পৰিমাল শুক্লবৈদ্যও কেইবাবাৰো দীপৰ বিল পৰিদৰ্শন কৰি দীপৰ বিলৰ উন্নয়ন আৰু সংৰক্ষণৰ আশ্বাস প্ৰদান কৰিছিল যদিও বনমন্ত্ৰী গৰাকীৰ আশ্বাস বৰ্তমানেও আশ্বাস হৈ আছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply