তামুলপুৰ : তামুলপুৰৰ সাহপুৰত বাল্টি নৈৰ গৰাখহনীয়া ৰোধৰ বাবে ৰাইজে নিজেই বান্ধ নিৰ্মাণৰ কামত লাগিছে। চৰকাৰ তথা জনপ্ৰতিনিধিৰ অপেক্ষা নকৰি নৈৰ গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অঞ্চলবাসীয়ে নিজৰ গাঁঠিৰ ধন ভাঙি নৈৰ কাষে কাষে কৰি গৈছে বান্ধ নিৰ্মাণৰ কাম।
বিগত সময়ছোৱাত অঞ্চলটোৰ কেইবাখনো গাঁৱৰ ৰাইজৰ মাটি-ভেটি, গছ-গছনি নৈৰ বুকুত জাহ যোৱাত সম্প্ৰতি বাঁহেৰে নৈৰ গৰাখহনীয়া ৰোধৰ বাবে অঞ্চলবাসীয়ে দিনে-নিশাই একেকাৰ কৰি ভুটানৰ পৰা বৈ অহা বাল্টি নৈৰ পাৰত অব্যাহত ৰাখিছে বান্ধ নিৰ্মাণৰ কাম। ভূটান পাহাৰৰ পৰা বৈ অহা নৈৰ পানীয়ে প্ৰতি বছৰে নৈ খনৰ দুই পাৰে প্ৰবল গৰাখহনিয়া সৃষ্টি কৰাত ইতিমধ্যে বহু লোকৰ মাটি-ভেটি নৈত জাহ গৈছে।
আৰু পঢ়কঃ কামপুৰত জৰাজীৰ্ণ বাট-পথ! ঠিকাদাৰৰ বিৰুদ্ধে অভিযোগ
বাল্টি নৈৰ ভয়াবহ গৰাখহনীয়া ৰোধৰ বাবে নৈ পৰীয়া ৰাইজে অসম তথা বিটিআৰ চৰকাৰক বাৰম্বাৰ আবেদন-নিবেদন কৰি আহিছে যদিও ৰাইজে কোনো ধৰণৰ সঁহাৰি লাভ কৰা নাই। ফলত ৰাইজ নিজে ওলাই আহিছে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে। অসম আৰু বিটিআৰ চৰকাৰক শীঘ্ৰেই অঞ্চলটোৰ গৰাখহনীয়া ৰোধৰ বাবেও দাবী উত্থাপন কৰিছে বৃহত্তৰ কেইবাখনো অঞ্চলৰ ৰাইজে।