নিউজ ডেস্কঃ আজিৰে পৰা ৰাজ্যত নতুন কোভিড SOP জাৰি। মাজুলীত নতুন কোভিড SOP ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
আজিৰে পৰা নিশা ৯ বজালৈকে খোলা ৰাখিব পাৰিব দোকান-পোহাৰ। নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব এই সান্ধ্য আইন।
৫০ শতাংশ দৰ্শকেৰে চিনেমা হল খোলাৰ অনুমতি। দুয়োপালি প্ৰতিষেধক লোৱা লোকহে যাব পাৰিব চিনেমা হললৈ।
ৰাজহুৱা অনুষ্ঠান, সভা-সমিতিত ৫০ গৰাকীয়ে অংশ ল’ব পাৰিব। অংশগ্ৰহণ কৰাসকলে কোভিডৰ দুয়োপালি ভেকচিন লোৱাতো বাধ্যতামূলক।
লগতে পঢ়কঃ১অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
উপায়ুক্তৰ পূৰ্বানুমতি লৈ ২০০ মানুহেৰে পাতিব পাৰিব সভা-সমিতি। এনে সভা-সমিতিতো উপস্থিতসকলৰ দুয়োপালি প্ৰতিষেধক বাধ্যতামূলক।
কামাখ্যা মন্দিৰ, শিৱ দৌল, পোৱামক্কাত ঘণ্টাত দৰ্শন কৰিব পাৰিব ৬০ জনে। আন আন ধৰ্মীয় স্থানত ঘণ্টাত ৪০ জন লোক প্ৰৱেশ কৰিব পাৰিব।
শিক্ষক-কৰ্মচাৰীয়ে ভেকচিন লোৱাৰ তালিকা শিক্ষানুষ্ঠানৰ সন্মুখত থাকিব।
ভ্ৰাম্যমান থিয়েটাৰৰ ক্ষেত্ৰত SOPত নতুন কোনো নিৰ্দেশনা নাই। পিছে এই বিষয়ে মুখ্যমন্ত্ৰীয়ে শীঘ্ৰেই সিদ্ধান্ত ঘোষণা কৰিব। স্থায়ী প্ৰেক্ষাগৃহত ৫০ শতাংশ দৰ্শকৰে নাট প্ৰদৰ্শনত চৰকাৰৰ অনুমতি। শিল্পী, কলা-কুশলী, দৰ্শক সকলোৰে বাবে দুয়োপালি ভেকচিন বাধ্যতামূলক।