নিউজ ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাস কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে। পেট্ৰ’লৰ প্ৰতিলিটাৰত মূল্য ৯ টকা আৰু ডিজেলত ৭ টকা হ্ৰাস কৰাৰ বাবে চৰকাৰক প্ৰশংসা কৰাৰ কোনো প্ৰয়োজন নাই বুলি ক’লে অখিল গগৈয়ে।

সাংবাদিকৰ আগত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি গগৈয়ে কয়-”পেট্ৰ’ল-ডিজেলৰ দাম নৰেন্দ্ৰ মোডীৰ দিনত ৭২ টকাৰ পৰা ১১২ টকা পালেগৈ। যেতিয়া ৭২ টকা পেট্ৰ’লৰ দাম আছিল, তেতিয়া এক বেৰেল খাৰুৱা তেলৰ দাম আন্তৰাষ্ট্ৰীয় বজাৰত আছিল ১৩৭ ডলাৰ। আজিৰ দিনটোত এক বেৰেল খাৰুৱা তেলৰ দাম ১০৫ ডলাৰ। ১০৫ ডলাৰ এক বেৰেলত হওঁতে আজি পেট্ৰ’লৰ দাম ১১২ টকা আৰু ১৩৭ ডলাৰ হৈ থাকোতে পেট্ৰ’লৰ দাম আছিল ৭২ টকা। গতিকে ৭২ টকাৰ পৰা ১১২ টকা কৰি তাৰ ৯ টকা যদি কমাই দিয়ে তেন্তে সেই সন্দৰ্ভত প্ৰশংসা নিশ্চয় কৰিব নালাগে।”

লগতে তেওঁ কয়- ”চৰকাৰে জনগণৰ ওপৰত ব্যাপক ৰূপত মূল্যবৃদ্ধি ঘটাইছে। নৰেন্দ্ৰ মোডী শাসনলৈ আহোতে এটা গেচ চিলিণ্ডাৰৰ দাম আছিল ৪৪১ টকা আছিল। তাৰে ২৫০ টকা ৰাজসাহায্য পাইছিলো। অৰ্থাৎ এটা গেচ চিলিণ্ডাৰৰ দাম আছিল কেৱল ২০০ টকা। আজিৰ দিনটোত এটা গেচ চিলিণ্ডাৰ ঘৰত আহিবলৈ ১১০০ টকা লাগে। দাম ১০৫৫টকা। যিটো গেচ চিলিণ্ডাৰ আমি ২০০ টকাত ক্ৰয় কৰিছিলো, সেই গেচ চিলিণ্ডাৰটো আজি ১১০০ টকাত কিনিছো। আৰু চৰকাৰী ৰাজসাহায্য নাই। কেন্দ্ৰীয় চৰকাৰে, নৰেন্দ্ৰ মোডী চৰকাৰ বাধ্য হৈ আবকাৰী শুল্কৰ ৮ টকা বা ৯টকা কমাইছে। তাক লৈ চৰকাৰক প্ৰশংসা কৰাৰ প্ৰয়োজন নাই। অতি সোনকালে পেট্ৰ’ল-ডিজেলৰ মূল্য জিএছটিৰ অন্তৰ্গত কৰি পূৰ্বৰ ৭২ টকালৈ ঘূৰাই অনাৰ বাবে আমি দাবী উত্থাপন কৰিম।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply