নিউজ ডেস্কঃ পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ এই যাত্ৰাই যেন বন্ধ হোৱাৰ নামেই লোৱা নাই। প্ৰতিদিনাই ইন্ধনজাত সামগ্ৰীৰ মূল্য ক্ৰমান্বয়ে বৃদ্ধি পাই গৈ আছে। দেওবাৰেও পুনৰ বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য।

এতিয়া যান-বাহন চলোৱা গ্ৰাহকৰ এই মূল্যবৃদ্ধিৰ ফলত ভীষণ সমস্যাৰ সৃষ্টিও হৈছে। মন কৰিবলগীয়া যে, ৩ এপ্ৰিলত প্ৰতিলিটাৰ পেট্ৰ’লত ৮৯ পইচা আৰু ডিজেলৰ প্ৰতিলিটাৰত ৮৫ পইচাকৈ বৃদ্ধি পাইছে।

বৰ্তমান সময়ত কেৱল গুৱাহাটী মহানগৰীতেই প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য ১০৩ টকাৰো অধিক। তাৰ লগতে ডিজেলৰ প্ৰতিলিটাৰৰ মূল্য গুৱাহাটীত ৮৯.৪৩ টকা। উল্লেখ্য যে, বিগত ১২ দিনত ৭টকা পৰ্যন্ত ইন্ধনজাত সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply