নিউজ ডেস্কঃ পুনৰ দেশৰ বিভিন্ন ৰাজ্যত বৃদ্ধি পালে পে’ট্ৰল-ডিজেলৰ মূল্য। আজি প্ৰতি লিটাৰ পেট্ৰ’লত ২৬ পইচা আৰু ডিজেলত প্ৰতি লিটাৰত ৩৩ পইচাকৈ বৃদ্ধি পালে।
গুৱাহাটীত আজি প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছে ৮৭.৯৩ টকা।
ৰাজধানী চহৰ দিল্লীত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯১.৫৩ টকা আৰু প্ৰতি লিটাৰ ডিজেলৰ দাম হৈছেগৈ ৮২.০৬ টকা।
আৰু পঢ়কঃ ধুবুৰীত দুগৰাকী কিশোৰীৰ মৃতদেহ উদ্ধাৰ
কলকাতত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম ৯১.৬৬ টকা আৰু ডিজেল প্ৰতি লিটাৰত হৈছে ৮৪.৯০ টকা।গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলত মূল্য হৈছে ৮২.৩৯ টকা।
মুম্বাইত প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম হৈছে ৯৭.৮৬ টকা। ডিজেলত হৈছে ৮৯.১৭ টকা।
উল্লেখ্য যে, বৃহস্পতিবাৰে দেশত প্ৰতি লিটাৰ পেট্ৰলৰ ২৫ পইচা আৰু ডিজেলৰ ৩০ পইচাকৈ মূল্য বৃদ্ধি কৰা হৈছিল।
বুধবাৰৰ দিনটোত পুনৰ পেট্ৰ’লৰ মূল্য ১৭ পইচা আৰু ডিজেলৰ মূল্য ১৯ পইচাৰ পৰা ২১পইচালৈকে বৃদ্ধি পাইছিল।
আনহাতে, মংগলবাৰে প্ৰতি লিটাৰ পেট্ৰলত ১৫ পইচা আৰু ডিজেলত ১৮ পইচাকৈ বৃদ্ধি পাইছিল।