নিউজ ডেস্কঃ শুকুৰবাৰে পুনৰ দেশত বৃদ্ধি পালে পেট্ৰ’ল -ডিজেলৰ মূল্য। দেশৰ ১৫ খন ৰাজ্যত বৰ্তমান ১০০ টকাৰ ওপৰত বিক্ৰী হৈছে পেট্ৰ’ল।

ইফালে অসমৰো কেইবাখনো জিলাত পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিছে। লখিমপুৰ জিলাৰ ঢকুৱাখানা, কৰিমগঞ্জত পেট্ৰলৰ মূল্য ১০০ টকাৰ অতিক্ৰম কৰিছে।

কামৰূপ(মেট্ৰ’)ত পেট্ৰ’লৰ মূল্য ৯৭.৩৪টকা, ডিজেলৰ ৮৯.২২টকা, এক্সট্ৰা প্ৰিমিয়াম পেট্ৰ’লৰ ১০১.৬৫টকা।

যোৰহাটত পেট্ৰ’লৰ মূল্য ৯৭.৭৫টকা, ডিজেলৰ ৮৯.৬০টকা, এক্সট্ৰা প্ৰিমিয়াম পেট্ৰ’লৰ ১০২.০২টকা।

আৰু পঢ়কঃপুনৰ বৃদ্ধি পাইছে পে’ট্ৰল-ডিজেলৰ মূল্য

ডিব্ৰুগড়ত পেট্ৰ’লৰ মূল্য ৯৮.১৭টকা, ডিজেলৰ ৮৯.৯৯টকা আৰু এক্সট্ৰা প্ৰিমিয়াম পেট্ৰ’লৰ ১০২.৪৪টকা।

ইফালে দেশৰ ৰাজধানী দিল্লীত শুকুৰবাৰে প্ৰতি লিটাৰ পেট্ৰ’ল ত ১০১.৫৪ টকা আৰু ডিজেল প্ৰতি লিটাৰত ৮৯.৮৭ টকা হৈছে।

ৰাজস্থান, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, উৰিষ্যা, তামিলনাডু, কেৰালা, বিহাৰ আৰু পঞ্জাৱকে ধৰি ১৫ খন ৰাজ্যত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ১০০ টকালৈ বৃদ্ধি পাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply