পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ যাত্ৰা থমকি ৰোৱাৰ নামেই লোৱা নাই বিজেপি শাসন সময়ত । ইতিমধ্যে শতকৰ দেওনা ৰাজ্যৰ ভিন্ন প্ৰান্তত হোৱাৰ দৰে আজিৰ দিনটোত
গুৱাহাটীতো পেট্ৰলৰ দামে অতিক্ৰম কৰিলে ১০০ৰ ঘৰ।
দেওবাৰৰ দিনটোত গুৱাহাটীত এক লিটাৰ পেট্ৰলৰ দাম হলগৈ ১০০.০৭টকা।
উল্লেখ্য যে, শনিবাৰে গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ দাম আছিল ৯৯.২১টকা।
বিগত দিনকেইটাত ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে পেট্ৰলৰ মূল্য।
ইফালে গুৱাহাটীত প্ৰতি লিটাৰ ডিজেলৰ দাম ৯২.৪২টকা।
কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কালিৰ দিনটোত গৰ্বৰে ক’লে ক’ভিডৰ ফ্ৰী ভেকচিনৰ টকা ক’ৰ পৰা আহিছে? পেট্ৰল ডিজেলত লগোৱা কৰৰ পৰাই ইয়াক দিয়া হৈছে ।
লগতে পঢ়কঃ ধেমাজীৰ চিচিবৰগাঁৱত ভয়ংকৰ অগ্নিকাণ্ডত জাহ গ’ল কুৰিখনতকৈও অধিক দোকান ভস্মীভূত
আপোনাৰ টকাৰেই আপোনাক ফ্ৰী ভেকচিন দিছে যদিও গৌৰব কৰিছে চৰকাৰে । পেট্ৰল ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত বাছ ভাড়া অস্বাভাবিক ভাবে বৃদ্ধি কৰিছে বাছ মালিকসকলে । পৰিবহন মন্ত্ৰীয়ে ব্যবস্থা লোৱাৰ কথা কৈ আহিছে যদিও বাছ মালিকসকলো নাচোৰবান্দা তেওলোকে দাম নকমোৱাৰ ফলত যাত্ৰীসকলে অত্যধিক মূল্য ভৰিব লগা হৈছে ।