পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস

টীয়ক: অত্যাধিক মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক হাৰাশাস্তি কৰাৰ সময়ত আজি পোহৰৰ উৎসৱ দীপাৱলীৰ দিনাই কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে পেট্ৰ’ল ডিজেলৰ ওপৰত থকা কেন্দ্ৰীয় শুল্ক আৰু ভেট পৰিহাৰ কৰা ফলত পেট্ৰ’ল ডিজেলৰ দাম হ্ৰাস পায়।

বৰ্তমান পেট্ৰলত ৭ টকা আৰু ডিজেলত ১২ টকাকৈ মূল্য হ্ৰাস পোৱাত ৰাইজে যথেষ্ট পৰিমাণে সকাহ লাভ কৰিছে । টীয়কত আজিৰ দিনটোত পেট্ৰলৰ মূল্য ১০০.৬৯ টকা আৰু ডিজেলৰ মূল্য ৮৬.৯৮ টকা।

এই মূল্য হ্ৰাসে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যও কমাব বুলি আশা কৰিছে সাধাৰণ ৰাইজে লগতে যিহেতু ডিজেলৰ মূল্য প্ৰায় প্ৰতি লিটাৰত ১২ টকাকৈ কমিছে সেয়ে যাত্ৰীবাহী পৰিবহণ ব্যৱস্থাতো গাড়ী ভাড়া হ্ৰাস হোৱাটো ৰাইজে বিচাৰিছে।

দীপাৱলীৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে আবকাৰী শুল্ক পেট্ৰলৰ ক্ষেত্ৰত ৫ টকা আৰু ডিজেলৰ ক্ষেত্ৰত ১০ টকা হ্ৰাস কৰাৰ পিছত অসম চৰকাৰেও পেট্ৰল-ডিজেলৰ ভেট ৭ টকাকৈ হ্ৰাস কৰিছে৷ আজিৰে পৰা কাৰ্যকৰী হৈছে নতুন দাম । গুৱাহাটীত আজিৰ দিনটোত পেট্ৰ’লৰ দাম ৯৯.৯২ টকা হোৱাৰ বিপৰীতে ডিজেলৰ মূল্য ৮৬.৪০ টকা হৈছে ।

লগতে পঢ়ক-ৰাজ্য প্ৰশাসনত ব্যাপক সালসলনি, সলনি হ’ল কামৰূপৰ উপায়ুক্ত

উল্লেখযোগ্য যে ২০২০ বৰ্ষৰ পৰা কোভিডৰ সংক্ৰমণৰ পাছত পেট্ৰ’ল,ডিজেলত অতিৰিক্ত কৰ আৰূপ কৰি ২০২০-২১ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে ৩.৩৫ লাখ কোটি টকা সংগ্ৰহ কৰিছিল। ইফালে কেন্দ্ৰীয় চৰকাৰৰ লগতে পেট্ৰ’ল ডিজেলৰ মূল্যত ৰাজ্য চৰকাৰেও কৰ নিজাকৈ আৰূপ কৰাত ইয়াৰ মূল্য আকাশলংঘী হৈছে।

দীপাৱলীৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ সমান্ত্ৰৰালভাৱে অসম চৰকাৰেও ৭ টকাকৈ দুয়োবিধ সামগ্ৰীৰ মূল্যৰ ওপৰত জাৰি কৰা ভেট হ্ৰাস কৰাত বৃহস্পতিবাৰে ৰাজ্যত প্ৰতিলিটাৰ পেট্ৰ’লত ১২ টকাকৈ আৰু ডিজেলত ১৭ টকাকৈ হ্ৰাস পায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply