ডিফু: আজিৰে পৰা প্ৰেট্ৰল ডিজেলৰ মূল্য কম কৰাৰ কথা ঘোষণা কৰিছিল চৰকাৰে ৷
কিন্তু চৰকাৰে ঘোষণা কৰা ধৰণে কমা নাই পেট্ৰল ডিজেলৰ মূল্য ৷
ঘোষণা কৰামতে প্ৰতি লিটাৰ পেট্ৰলত ১২ টকা আৰু প্ৰতি লিটাৰ ডিজেলত ১৭ টকা কম হব লাগিছিল ৷
কিন্তু তাৰ বিপৰিতে প্ৰতিলিটাৰ প্ৰেট্ৰলত মাত্ৰ ৬ টকা ১৮ পইছা হ্ৰাস পাইছে ৷
প্ৰতিলিটাৰ ডিজেলত মাত্ৰ ১২ টকা হ্ৰাস পাইছে ৷
ইয়াকলৈ ৰাজ্যৰ বিভিন্ন পেট্ৰল পাম্পত গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ৷
ডিফু, ডবকা, হোজাইতো গ্ৰাহকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে ৷
ৰাজ্য চৰকাৰে ৭ টকাকৈ হ্ৰাস কৰা ভেট আজি কাৰ্যকৰী নোহোৱাৰ ফলতেই দাম চৰকাৰে জনোৱা মতে কমা নাই ৷
মুখ্যমন্ত্ৰীয়ে কালি নিশাই এই সম্পৰ্কে আইঅ’চিক জনোৱা হৈছে বুলি জনোৱাৰ লগতে আজিৰ কেবিনেটত লোৱা সিদ্ধান্তও জনাব বুলি অবগত কৰিছে , আজিৰ সন্ধিয়াৰ ভাগলৈ দাম সলনি হব বুলিও লগতে কয় ৷