নাৰায়ণপুৰ: এটা সপ্তাহতে পঞ্চম বাৰলৈ বৃদ্ধি পালে পে’ট্ৰল আৰু ডিজেলৰ মূল্য। ৰাজ্যৰ অন্যান্য অঞ্চলৰ সমান্তৰালকৈ দেওবাৰৰ দিনটোত নাৰায়ণপুৰত প্ৰতিলিটাৰ পেট্ৰ’লৰ মূল্য বৃদ্ধি পালে ৫৫ পইচা আৰু ডিজেলৰ ৫৮ পইচাকৈ।

আজিৰ দিনটোত নাৰায়ণপুৰত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্য হ’লগৈ ১০০.৩৩ টকা আৰু ডিজেলৰ মূল্য হ’লগৈ ৮৬ টকা ৩৫ পইচা। পেট্ৰ’ল আৰু ডিজেলৰ মূল্য অস্বাভাৱিক ভাবে বৃদ্ধি পোৱাৰ খবৰে পুৱাই সাধাৰণ ৰাইজক চিন্তিত কৰি তুলিছে। কৰ্মস্থলীলৈ ওলাই অহা প্ৰতিজন লোকে চৰকাৰ-প্ৰশাসন মূল্য বৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপন কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,839 other subscribers

Leave a comment

Leave a Reply Cancel reply