নিউজ ডেস্কঃ পেট্ৰ’ল ডিলাৰ্ছ এছচিয়েশ্যনে মঙলবাৰে দিনজোৰা ধৰ্মঘট পালন কৰিছে। তৈল বিপণন কোম্পানীসমূহৰ দ্বাৰা পেট্ৰ’ল পাম্পসমূহৰ কমিছনৰ হাৰ বৃদ্ধি কৰাৰ দীৰ্ঘদিনৰ দাবী মানি নোলোৱাত এনেদৰে ধৰ্মঘট পালন কৰিছে পেট্ৰ’ল ডিলাৰ্ছ এছচিয়েশ্যনে। এই ধৰ্মঘটত সমৰ্থন জনাইছে অসমকে ধৰি মুঠ ২৪খন ৰাজ্যৰ পেট্ৰ’ল ডিলাৰ্ছসমূহে।
উল্লেখ কৰাৰ প্ৰয়োজন যে পেট্ৰ’ল পাম্পসমূহ চৰকাৰৰ পৰা পেট্ৰ’ল ক্ৰয় নকৰে যদিও খোলা থাকিব সকলো পেট্ৰ’ল পাম্প। দিল্লী পেট্ৰ’ল ডিলাৰ্ছ এছচিয়েশ্যনৰ অধ্যক্ষই কয়- ”দেশৰ ২৪খন ৰাজ্যত আমি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি কৰাৰ পাছতো কমিছনৰ ক্ষেত্ৰত কোনো সংশোধন কৰা হোৱা নাই। আৰু ইয়াৰে বিৰোধিতাৰে ৩১ মে’ অৰ্থাৎ মঙলবাৰে তৈল বিপণন কোম্পানীসমূহৰ পৰা পেট্ৰ’ল আৰু ডিজেল ক্ৰয় নকৰো।”
উল্লেখযোগ্য যে, পেট্ৰ’ল-ডিজেলৰ মূল্য প্ৰায় প্ৰতিদিনাই বৃদ্ধি পাই থকাৰ পাছত চলিত মাহৰ আৰম্ভণিত সৰ্বসাধাৰণক কিছু সকাহ দিয়াৰ বাবে হ্ৰাস কৰা হৈছিল পেট্ৰ’ল আৰু ডিজেলৰ মূল্য। প্ৰতিলিটাৰ পেট্ৰ’লত ৯.৫ টকা আৰু প্ৰতিলিটাৰ ডিজেলত ৭ টকা হ্ৰাস কৰা হৈছিল।