নিউজ ডেস্কঃ দৈনন্দিন যান-বাহন চলাই নিজৰ কাৰ্যালয়লৈ ওলাই যোৱা প্ৰতিজন ব্যক্তিৰ বাবে এক দুখবৰ। কিয়নো আজিৰে পৰা ২৪ ঘন্টাৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্পসমূহ।
এই ঘোষণা কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছৰ তৰফৰ পৰা। নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছ-য়ে ঘোষণা কৰিছে যে গুৱাহাটীত শুকুৰবাৰৰ পৰা অহা ২৪ ঘন্টাৰ বাবে বন্ধ থাকিব।
যাৰ বাবে এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে গুৱাহাটীবাসী। নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰলিয়াম ডিলাৰ্ছয়ে ঘোষণা কৰা মতে, আজি পুৱা ৫ বজাৰ পৰা কালি পুৱা ৫ বজালৈকে বন্ধ থাকিব পেট্ৰল পাম্পসমূহ।
তেওঁলোকৰ সমস্যাসমূহ সমাধান নকৰিলে পুনৰ ১৬ মে’ পুৱা ৫ বজাৰ পৰা অনিৰ্দিষ্টকাললৈ বন্ধ থাকিব পেট্ৰ’ল পাম্পসমূহ। আৰু যদি তেনে হয় তেন্তে গুৱাহাটীবাসীৰ বাবে কিমান সমস্যা আহি পৰিব সেয়া সহজেই অনুমেয়।