নিউজ ডেস্কঃ দেশতৰ ১০খন ৰাজ্যত এতিয়া পিএফআই অৰ্থাৎ পপুলাৰ ফ্ৰন্ট অৱ ইণ্ডিয়াৰ বিৰুদ্ধে অভিযান অব্যাহত আছে। তাৰ মাজতে গুৱাহাটীৰ হাতীগাওঁস্থিত পিএফআইৰ কাৰ্যালয়ত অভিযান চলায় এনআইএ, ইডিয়ে। 

ইতিমধ্যে সিজুবাৰীৰ পৰা পিএফআই নেতা আমিনুল হকক গ্ৰেপ্তাৰ কৰা হৈছে। ইফালে, দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ১০০ জনতকৈ অধিক নেতা-সদস্যক গ্ৰেপ্তাৰ কৰা হৈছে অভিযানৰ কালচোৱাত।

উল্লেখ্য যে, ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ এই অভিযানত ইতিমধ্যে তেলেংগানা, কেৰালা, অন্ধ্ৰ প্ৰদেশ, উত্তৰ প্ৰদেশ, দিল্লী, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু অসমত আটক কৰা হৈছে  এই কেইগৰাকী দলীয় নেতা আৰু কৰ্মীক । ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ ভাষ্য অনুসৰি, এয়া হৈছে দেশৰ সৰ্ববৃহৎ অভিযান ।

আনহাতে, অনুসন্ধানকাৰী সংস্থাটোৱে PFIৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অ’ এম এ আব্দুল ছালামৰ বাসগৃহতো তালাচী চলাইছে ৷ কেৰালাস্থিত বাসগৃহত মাজনিশাৰ পৰা অব্যাহত এই তালাচী ৷ ৰাষ্ট্ৰবিৰোধী কাৰ্যত লিপ্ত থকাৰ সন্দেহত এই অভিযান চলোৱা হৈছে ৷ 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply