নিউজ ডেস্ক: বাংগালুৰত নিষিদ্ধঘোষিত ইছলামিক সংগঠন PFI-ৰ ছাত্ৰ গোটৰ এজন পলাতক সদস্যক গ্ৰেপ্তাৰ কৰা হয়, শনিবাৰে অসম আৰক্ষীয়ে জানিবলৈ দিয়ে। অসম আৰক্ষীৰ এটা দলে শুকুৰবাৰে নিশা বাংগালুৰু আৰক্ষীৰ সহায়ত বাংগালুৰৰ বেলুন্দুৰত এক অভিযান চলাই আমিৰ হামজা নামৰ সংগঠনটোৰ নেতাজনক গ্ৰেপ্তাৰ কৰে। 

হামজাক বাংগালুৰুৰ অতিৰিক্ত মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশে তিনি দিনৰ ট্ৰেঞ্জিট ৰিমাণ্ড প্ৰদান কৰে আৰু ইতিমধ্যে তেওঁক গুৱাহাটীলৈ লৈ অনা হৈছে, অসম আৰক্ষীয়ে। সোমবাৰে তেওঁক গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰোৱা হ’ব বুলি এক বিবৃতিত কোৱা হৈছে।

উল্লেখযোগ্য যে কেন্দ্ৰই সংগঠনটোৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছৰে এইপৰ্যন্ত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ পৰা কমেও ৪০ জন PFI কৰ্মীক আটক কৰা হৈছে।

আৰক্ষীয়ে ইতিমধ্যে গুৱাহাটীৰ হাতীগাওঁ অঞ্চলত সংগঠনটোৰ অসমৰ মুখ্য কাৰ্যালয়ৰ লগতে কৰিমগঞ্জ আৰু বাক্সাত ইয়াৰ স্থানীয় কাৰ্যালয়সমূহ বন্ধ কৰি দিছে। 

লগতে পঢ়ক – হিমাচলপ্ৰদেশ বিধানসভা নিৰ্বাচনঃ ১১ বজালৈ ১৭.০৯ শতাংশ ভোটদান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply