গুৱাহাটী : এআইইউডিএফ ত্যাগ কৰি অৱশেষত বিজেপিত যোগদান কৰিলে ফণী তালুকদাৰে। বৃহস্পতিবাৰে হেঙেৰাবাৰীস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত গেৰুৱা বাসন পৰিধান কৰে এআইইউডিএফ দলৰ ভাৱনীপুৰৰ বিধায়ক গৰাকীয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উষ্ম আদৰণি জনাই ফণী তালুকদাৰক বিজেপি দললৈ আদৰি আনে। কংগ্ৰেছ দুই বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু সুশান্ত বৰগোঁহাইৰ পিছত এআইইউডিএফৰ বিধায়কৰ বিজেপিলৈ যাত্রা।

বিগত কিছুদিন ধৰি ফণী তালুকদাৰে বিজেপিত যোগদনা কৰিব বুলি ৰাজ্যৰ ৰাজনৈতিক মহলত বিশেষ চৰ্চা চলি আছিল। ইয়াৰ মাজতে মঙলবাৰে ফণী তালুকদাৰে এআইইউডিএফ দল ত্যাগ কৰি বুধবাৰে বিজেপিত যোগদান কৰে।

লগতে পঢ়ক :  তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত ২.৫ কোটি টকাৰ চিকিৎসা সামগ্ৰী দান সাংসদ ৰিপুন বৰাৰ

আদর্শৰ মিল নথকাৰ পিছতো এআইইউডিএফৰ পৰা বিজেপিলৈ গমন কৰা ফণী তালুকদাৰৰ এই যোগদানৰ আঁৰত লুকাই আছে বৃহৎ ৰাজনৈতিক সমীকৰণ৷ বিগত সময়ছোৱাত ভৱানীপুৰ সমষ্টিৰ উন্নয়নৰ বাবে বিজেপিত যোগ দিব বুলি ফণী তালুকদাৰৰ সন্দর্ভত যি চর্চা চলিছিল, তাৰ বিপৰীতে কিন্তু আন ৰাজনৈতিক স্বার্থ পূৰণৰ লক্ষ্যৰেহে শাসকীয় দলটোত যোগদান কৰিছে বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply