গুৱাহাটী : অৱশেষত চূড়ান্ত সিদ্ধান্ত ল’লে বিধায়ক ফণী তালুকদাৰে। দলৰ সভাপতিলৈ প্ৰেৰণ কৰিলে নিজৰ পদত্যাগ পত্ৰ ফণী তালুকদাৰে। ১ ছেপ্টেম্বৰত যোগদনা কৰিব বিজেপিত ফণী তালুকদাৰে।
ইজনৰ পিছত সিজন কংগ্ৰেছৰ বিধায়কে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা দলত যোগদনা কৰাৰ পিছত চৰ্চা চলিছিল এ আইইউডিএফৰ বিধায়ক ফণী তালুকদাৰৰ বিজেপি গমনকলৈ।
ভৱানীপুৰৰ এআইইউডিএফ বিধায়ক ফণী তালুকদাৰে বিজেপিত যোগদনা কৰাৰ কথা বহু পূৰ্বেই স্পষ্ট কৰিছিল যদিও অপেক্ষা আছিল মাত্ৰ চূড়ান্ত সিদ্ধান্তৰ। অৱশেষত এআইইউডিএফৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিলে বিধায়ক ফণী তালুকদাৰে।
এআইইউডিএফৰ দলৰ সভাপতিলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে বিধায়ক ফণী তালুকদাৰে। ভবানীপুৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত এআইইউডিএফৰ প্ৰাথমিক সদস্য আৰু মহাজোঁটৰ বিধায়নী দলৰ সচিব পদৰ পৰা পদত্যাগ কৰাৰ কথা প্ৰকাশ কৰে তালুকদাৰে।
লগতে পঢ়ক : এবিধ থলুৱাভাৱে প্ৰস্তুত নিমখ; দাম প্ৰতি কিলোত ১,২০০ টকা! ত্ৰিপুৰাৰ যুৱকৰ ব্যতিক্ৰমী ব্যৱসায়
ৰাইজৰ স্বাৰ্থত আৰু সমষ্টিৰ উন্নয়নৰ বাবে সৰ্বোচ্ছ ত্যাগ কৰিবলৈ বদ্ধপৰিকৰ বুলি জানিবলৈ দিয়ে ফণী তালুকদাৰে। ১ ছেপ্টেম্বৰত বিজেপি দলত যোগদনা কৰিব ফণী তালুকদাৰে।