গুৱাহাটীঃ বজালী জিলাৰ সৰুপেটাৰ বিশিষ্ট নাগৰিক , অভিনেতা সমাজকৰ্মী তথা প্রবীণ কংগ্ৰেছ নেতা ফণীন্দ্র কুমাৰ চৌধুৰীৰ বৃহস্পতিবাৰে নিশা ১০বাজি ৩০মিনিটত গুৱাহাটীৰ বীৰকুছিৰ বিহগী নগৰত একমাত্ৰ পুত্ৰ সন্তান দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীৰ বাসগৃহত দেহাৱসান ঘটে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৬ বছৰ।
বাৰ্ধক্যজনিত কাৰণত মৃত্যু হোৱা চৌধুৰীয়ে সত্তৰ দহকত সৰুপেটাত যাত্ৰা পাৰ্টিৰ অন্যতম জন্ম দাতা আছিল ৷ যাত্ৰা পাৰ্টি স্থাপন কৰি তেওঁ বিভিন্ন এলেকাত নাটক পৰিৱেশনতো আগভাগ লৈছিল৷
এটা সময়ত ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক অচ্যুত লহকৰৰ লগটো তেওঁ বিভিন্ন ঠাইত নাটক কৰিছিত ৷ কেইবাটাও অপেছাদাৰী নাট্য গোষ্ঠীৰ লগত জৰিত চৌধুৰীয়ে সৰুপেটাত ষাঠিৰ দহকৰ পৰাই নাটকৰ প্ৰতি নতুন পুৰুষক আকৰ্ষণ কৰিছিল ৷ লক্ষনীয় যে তেওঁ অষ্টম শ্ৰেণীত পঢ়ি থকাৰ সময়তেই তেজপুৰত মহাত্মা গান্ধীৰ সাক্ষাৎ লাভ কৰিছিল ৷ গুৱাহাটীৰ পাণ্ডুত অনু্ষ্ঠিত কংগ্ৰেছৰ মহাসভাত সঞ্জয় গান্ধীকো সাক্ষাৎ কৰাৰ অভিজ্ঞতা থকা চৌধুৰীয়ে সৰুপেটাৰ বিভিন্ন অনুষ্ঠান স্হাপনতো অতুজ্জল ভূমিকা গ্ৰহণ কৰিছিল ৷ সৰুপেটা বি এইচ বি মহাবিদ্যালয় তেওঁ প্রতিষ্ঠা বৰ্ষৰ ছাত্ৰ আছিল ৷ সৰুপেটা দুৰ্গা পূজা, ৰঙালী বিহু উদযাপন,হস্তিনাপুৰ সমবায়, সৰুপেটা শ্যামা পূজা, মিলন মন্দিৰ,সৰুপেটা বজাৰ কমিটি আদিৰ লগত দীৰ্ঘদিন ওতঃপ্রোত ভাৱে জড়িত থকাৰ লগতে সৰুপেটাৰ বিভিন্ন স্থায়ী উন্নয়নমূলক কামত জড়িত থকা চৌধুৰী কৌতুক অভিনেতা হিচাপেই বজালীত বিখ্যাত আছিল৷
লগতে পঢ়কঃআলফা স্বাধীনত যোগদানৰ সন্দেহ গুৱাহাটীৰ দুই যুৱতীৰ
আনহাতে তেওঁ ১৯৫৯ চনত ৰচি টনা পদ্ধতিৰে অনুষ্ঠিত গাওঁ পঞ্চায়তৰ নিৰ্বাচনত জয় লাভ কৰি সামাজিক কামত অধিক মনোযোগ দিছিল ৷ চৌধুৰীয়ে ১৯৬২ চনত আঞ্চলিক পঞ্চায়তৰৰ অতিৰিক্ত সদস্য,১৯৬৯ চনত গাঁও পঞ্চায়তৰ সদস্য, ১৯৭৬ চনত গাঁও পঞ্চায়তৰ সদস্য, ১৯৯১ চনত সৰুপেটা গাঁও পঞ্চায়তৰ সভাপতি, ১৯৯৬ চনত গাঁও পঞ্চায়তৰ সভাপতি, ২০০২ চনত সৰুপেটা জিলা পৰিষদৰ সদস্য নিৰ্বাচিত হৈছিল আৰু তৃণমূল পৰ্য্যায়ত জনপ্রিয় নেতা হিচাপে সুখ্যাতি পাইছিল। তদুপৰি তেওঁ কংগ্ৰেছৰ বিভিন্ন দলীয় বিষয়বাবত দীৰ্ঘদিন ধৰি কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ গোমূৰা আৰু হাঠিনাপুৰ হাইস্কুলৰ গৱৰ্নিং বোডীৰো সভাপতি আছিল ৷ বৃহত্তৰ সৰুপেটাৰ উন্নয়নৰ বাবে ওৰে জীৱন কাম কৰা চৌধুৰী গুৱাহাটীৰ পৃৱ জ্যোতিনগৰ নামঘৰৰ আজীৱন সদস্য আছিল ৷ চৌধুৰীয়ে মৃত্যুৰ সময়ত একমাত্ৰ সন্তান দৈনিক অসম কাকতৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰী ,চৌধুৰীৰ পত্নী অনুপমা চৌধুৰী বোৱাৰী মহৰ্ষি বিদ্যালয়ৰ শিক্ষয়িত্ৰী বুলা কাকতি চৌধুৰী, দুগৰাকী নাতি আৰু অসংখ্য আত্মীয়ক ইহসংসাৰত এৰি গৈছে ৷ চৌধুৰীৰ মৃত্যুত ভৱানীপুৰ সমষ্টিৰ বিভিন্ন স্থানৰ লগতে বৃহত্তৰ সৰুপেটাত শোকৰ ছাঁ পৰিছে। চৌধুৰীৰ অন্তেষ্টিক্রিয়া আজিৰ পুৱা ১০ বজাত গুৱাহাটীস্থিত নৱগ্রহ শ্মশানত সম্পন্ন হ’ব ৷