হেল্থ চিটি হাস্পতালে চিকিৎসাৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ কৰিছে।
তিনিটা বিৰল ৰোগত আক্ৰান্ত শিশুক আৰোগ্য কৰাৰ বিশেষ সাফল্য লাভ কৰিছে।
শিশু বিশেষজ্ঞ ডাঃ ইয়াছীন আলীৰ নেতৃত্বত এই সফলতা হাস্পতালখনৰ।
এটি শিশুৰ দেহত একেলগে ৩টা বিৰল ৰোগৰ অৱস্থিতি ধৰা পেলাই চিকিত্‍সা কৰিছিল চিকিৎসকে।


হেলথ চিটিতেই জটিল অস্ত্ৰোপচাৰ সম্পন্ন কৰি সুস্থ কৰি তোলে শিশুটিক
সংবাদমেলযোগে হাস্পতাল কৰ্তৃপক্ষই সদৰি কৰিলে এই তথ্য। শিশুটিৱে ভৱিষ্যতে অধিক সাৱধানতাৰে চলিব লাগিব বুলিও মন্তব্য ডাঃ আলীৰ। ভৱিষ্যতে বংশবৃদ্ধিৰ ক্ষেত্ৰতো অসুবিধাৰ সন্মুখীন হোৱাৰ শংকা প্ৰকাশ চিকিত্‍সক আলীৰ।

১মাহ ২০ দিন বয়সীয়া এটি শিশুৰ দেহত জটিল ৰোগৰ ধৰা পেলাই ৷ একেলগে তিনিটা বিশেষ ৰোগৰ উপস্থিতি ধৰা পৰা বিশ্বৰ প্ৰথমগৰাকী শিশুটি বর্তমান সুস্থ ৷ বিশেষ ৰোগ তিনিটিৰ ওপৰত বিগত এবছৰ ধৰি গবেষণা কৰি আছিল ডা: আলীয়ে ৷

বিশেষ ৰোগ তিনিটা হৈছে Phimary ciliary dyskinesia, Nonaans syndrome আৰু Horse shoe shoe kidney. ৷ শিশুৰ নিউমোনিয়া তথা কিডনীৰ পাথৰ আদিয়ে বিশেষ ৰোগৰ লক্ষণ ৷


Horse Shoe Kidneyৰ বাবে বৃক্কজনিত ৰোগত আক্ৰান্ত হোৱাৰো শংকা প্ৰকাশ কৰে।
এনে ৰোগত আক্ৰান্তক চিকিৎসাৰ বাবে পূৰ্বে নিবলগীয়া হৈছিল বহি:ৰাজ্যলৈ।
এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ গুৱাহাটীস্থিত হেলথ চিটি হস্পিতালত সম্ভৱ এই চিকিৎসা
উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসাখণ্ডৰ বাবেও এয়া এক ইতিবাচক খবৰ।

লগতে পঢ়ক- মাৰ্ঘেৰিটাৰ নামদাঙত চোৰাং কয়লাৰ বিৰুদ্ধে অভিযানত ৮জনক গ্ৰেপ্তাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply