নিউজ ডেস্ক– অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ ফটো বিকৃত কৰি অপ্ৰচাৰ আৰম্ভ কৰিছে ছচিয়েল মিডিয়াত। এই দুষ্ট চক্ৰৰ বিৰুদ্ধে শেহতীয়াকৈ আইনী ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্য আগবাঢ়িছে নৱগঠিত ৰাজনৈতিক দলটো।

দলৰ প্ৰচাৰ শাখাৰ ফালৰ পৰা জনোৱা মতে, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক শাৰী পিন্ধি থকা অৱস্থাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে খেদি গৈ থকা এখন ফটো সম্পাদনা কৰি ছচিয়েল মিডিয়াত অপ্ৰচাৰ চলাইছে এক চক্ৰই।
এই দুষ্ট চক্ৰটোৰ বিৰুদ্ধে জাতীয় মহিলা শক্তিয়ে পাণ বজাৰ মহিলা থানাত ৰুজু কৰিব এজাহাৰ। উল্লেখ্য যে, অসম জাতীয় পৰিষদৰ নেতৃত্বইও এই কাৰ্যক তীব্ৰ গৰিহণা দিছে। শনিবাৰে বিয়লিভাগলৈ এই এজাহাৰ ৰুজু কৰিব অসম জাতীয় ভগ্নী সংগঠন জাতীয় মহিলা শক্তিৰ নেতৃত্বই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply