চিপাঝাৰ : বৃহস্পতিবাৰে দৰং জিলাৰ চিপাঝাৰৰ অন্তৰ্গত গৰুখুটিত সংঘটিত হৈছিল মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। আৰক্ষীৰ গুলীত অহাত এজন লোকক হাতত কেমেৰালৈ থকা এজন যুৱকে ভৰিৰে গচকি আক্ৰমণ চলাইছিল।

জানিব পৰা মতে যুৱকজনৰ নাম বিজয় বণিয়া আৰু বিজয় বণিয়া দৰং জিলা উপায়ুক্ত কাৰ্যালয়ত ঠিকা ভিত্তিত কেমেৰাৰ কাম কৰে। বিজয় বণিয়া নামৰ আক্ৰমণকাৰী যুৱক জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

গৰুখুটিত উচ্ছেদ চলাবলৈ যোৱা আৰক্ষীক আক্ৰমণ কৰিবলৈ এজন ব্যক্তিয়ে খেদি আহে সেই সময়ত আৰক্ষীয়ে গুলী চালনা কৰাত ব্যক্তিজন মাটিত ঢাকি পৰে। ইয়াৰ পিছতে আহত ব্যক্তি জনৰ ওপৰত জপিয়াই পৰে বিজয় বণিয়া নামৰ হাতত কেমেৰা থকা যুৱকজন।

মাটিত ঢলি পৰা আহত ব্যক্তিজনৰ গচকি, আহত ব্যক্তি জনৰ বুকুৰ ওপৰত জপিয়াই এক আমনৱীয় ঘটনা সংঘটিত কৰে বিজয় বণিয়া নামৰ যুৱক জনে। এই ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত যুৱকজনক নিশাই গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

লগতে পঢ়ক : বিজেপি চৰকাৰে উচ্ছেদৰ নামত চলোৱা বৰ্বৰতাক অমানৱীয় আখ্যা অসম জাতীয় পৰিষদৰ

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই প্ৰকাশ কৰিছে যে গ্ৰেপ্তাৰ কৰা বিজয় বণিয়া চিআইডিৰ জিম্মাত আছে আৰু চিআইডিয়ে এই সমগ্ৰ ঘটনাৰ তদন্ত চলাব। উল্লেখ্য যে বৃহস্পতিবাৰে চিপাঝাৰৰ গৰুখুটিত উচ্ছেদ চলাবলৈ যোৱা আৰক্ষী আৰু বেদখলকাৰীৰ মাজত হোৱা সংঘর্ষত দুজন লোক নিহত আৰু ১২ আৰক্ষী আহত হৈছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply