মৰাণঃ ভাৰতীয় সেনাৰ নতুন সশস্ত্ৰ বাহিনী বহুচৰ্চিত ‘অগ্নিপথ’ত যোগদানৰ বাবে সাজু হৈছে বহু সংখ্যক নিবনুৱা যুৱক যুৱতী। মৰাণৰ যুৱক-যুৱতীসকলেও অব্যাহত ৰাখিছে কঠোৰ শাৰীৰিক অনুশীলন। ১১৫ নং মৰাণ বিধানসভা সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ কাৰ্যালয়ৰ উদ্যোগত আৰু যুৱ মৰ্চাৰ খোৱাং মণ্ডল লগতে ভাৰতীয় সেনাবাহিনীৰ সহযোগত তিলৈনগৰ উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আজিৰে পৰা চাৰি দিনিয়াকৈ অনুষ্ঠিত হৈছে এই বিশেষ শাৰিৰীক প্ৰশিক্ষণ শিবিৰ।

মৰাণৰ বিভিন্ন প্ৰান্তৰ যুৱক-যুৱতী সকলক একত্ৰিত কৰি তেওঁলোকক ‘অগ্নিপথ’ আঁচনিৰ প্ৰাক-নিযুক্তি শাৰীৰিক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ১ আগষ্টৰ পৰা আৰম্ভ হোৱা এই প্ৰশিক্ষণ শিবিৰৰ ৪ আগষ্টত অন্ত পৰিব। এই কাৰ্যসূচীত আৰক্ষীৰ লগতে ভাৰতীয় সেনাৰ অভিজ্ঞ প্ৰশিক্ষক সকলে প্ৰশিক্ষাৰ্থী সকলক প্ৰশিক্ষণ প্ৰদান কৰিছে। প্ৰশিক্ষণ কাৰ্যসূচীত স্থানীয় যুৱক-যুৱতী সকলৰ উৎসাহ আৰু প্ৰদৰ্শনক লৈ যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে বিধায়ক চক্ৰধৰ গগৈৰ লগতে উদ্যোক্তা সকলে। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply