গুৱাহাটী: পেন্সন দিয়াৰ নামত প্ৰতিবন্ধী সকলক হাৰাশাস্তি কৰাৰ গুৰুত্বৰ অভিযোগ। নতুন চৰকাৰখনৰ দিনত প্ৰতিবন্ধী সকল পেন্সন লাভৰ ক্ষেত্ৰত সন্মুখীন হৈছে সমস্যাৰ।

প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ অভিযোগ ২০২১ চনৰ মে’ মাহৰ পৰা প্ৰতিবন্ধী সকল সময়মতে লাভ কৰা নাই পেন্সন। নতুন হিতাধিকাৰী বাদেই পুৰণি সকলেও লাভ কৰা নাই পেন্সন।

যি সময়ত চৰকাৰখনে বিভিন্ন আঁচনিৰ ধন বৃদ্ধি কৰিছে সেই সময়তে প্ৰতিবন্ধী সকল নিজৰ প্ৰাপ্যৰ ধনৰ পৰা বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে প্ৰতিবন্ধী সুৰক্ষা সন্থা।

যোৱা বছৰৰ জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহৰ পেন্সন বর্তমানলৈকে কোনো এজনেও আজিলৈকেতলাভ নকৰিলে। ২০২১ ৰ মে’ মাহৰ পৰা পেন্সন পুনৰ দিয়াৰ ব্যৱস্থা কৰিছে যদিও যিমান সংখ্যক প্ৰতিবন্ধী লোকে পেন্সন পাব লাগে সিমান সংখ্যক লোকে পোৱা নাই।

প্ৰতিবন্ধী সুৰক্ষা সন্থাৰ সাধাৰণ সম্পাদক নৃপেন মালাকাৰে জনোৱা মতে, নতুন চৰকাৰে প্ৰতিবন্ধী সকলক দি অহা সা সুবিধা দিনক দিনে কৰ্তন কৰি আহিছে। ২০১১ ৰ লোকপিয়ল মতে ৰাজ্যখনত ৪লাখ ৫০ হাজাৰ প্ৰতিবন্ধী আছে।

২০২১ চনলৈকে ১,৬০,৬১২ লোকে পেন্সন লাভ কৰি আহিছিল। নতুন ৰাজ্য চৰকাৰে দায়িত্ব লোৱিৰ পিছত বিভিন্ন অজুহাত দেখুৱাই ইয়াক কৰ্তন কৰিবলৈ আৰম্ভ কৰিছে। ২০২১ চনৰ প্ৰথম তিনিটা মাহৰ পেন্সন আজিলৈকে কোনেও লাভ নকৰিলে।

পিছৰ পৰ্যায়ত প্ৰতিবাদৰ পিছত মুকলি কৰি দিলে যদিও বিভিন্ন অজুহাত দেখুৱাই বৰ্তমান সময়ত মাত্ৰ ৯৯ হাজাৰ লোককহে পেন্সন দি বাকীসকলৰ নাম বিভিন্ন অজুহাতত কৰ্তন কৰি থৈছে। যোৱা বাজেটতো এই ধনৰাশী মুকলি কৰি নিদিলে।
এইক্ষেত্ৰত চৰকাৰখনক তীব্ৰ সমালোচনা কৰি প্ৰতিবন্ধী সকলে পেন্সন মোকলাই দিয়াৰ বাবে চৰকাৰক আহ্বান জনায়। প্ৰতিবন্ধী সকলৰ সংবিধান প্ৰদত্ত অধিকাৰ দিবলৈ দাবী জনাই ।

লগতে পঢ়ক- গোৰেশ্বৰত বৃহৎপৰিমাণৰ গাঞ্জা সহ আটক গাঞ্জা ব্যাৱসায়ী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply