অমিনগাঁও : দিব্যাঙ্গৰ মৰ্য্যাদাপূৰ্ণ জীৱন, অসম চৰকাৰৰ অন্যতম পণ। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ উদ্যোগত তথা এলিমকো (ALIMCO) আৰু কামৰূপ জিলা প্ৰশাসনৰ সহযোগত আজি আমিনগাঁওস্থিত কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত ৰাজ্যিক পৰ্যায়ৰ ‘আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন’ আৰু ‘সামাজিক অধিকাৰিতা শিবিৰ’ৰ আয়োজন কৰা হয়।
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মুখ্যমন্ত্ৰী ড° বহুকেইটা গুৰুত্বপূৰ্ণ ঘোষণা কৰে। সমাজ কল্যান সঞ্চালকালয় পৃথকীকৰণ কৰি দিব্যাঙ্গ, জ্যেষ্ঠ নাগৰিক, তৃতীয় লিংগ আৰু ড্ৰাগছ বিৰোধী আঁচনিসমূহৰ বাবে “সামাজিক ন্যায় আৰু সৱলীকৰণ সঞ্চালকালয়” গঠন। বিশেষভাৱে সক্ষম লোকসকলৰ প্ৰতি আমাৰ কৃতজ্ঞতাৰ চিনস্বৰূপে ভাউৰীদেৱী চেৰাউগী চৰকাৰী শ্ৰৱণ বাধাগ্রস্ত বিদ্যালয় আৰু অন্ধ বিদ্যালয়, বশিষ্ঠ এই দুয়োখনকে আগন্তুক শিক্ষাবর্ষৰ পৰা উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ। ভাৰতীয় সাংকেতিক ভাষা (Indian Sign Language)ৰ আধাৰত অসমীয়া সাংকেতিক ভাষাৰ উন্নীতকৰণ একেটা অনুষ্ঠানত দিব্যাঙ্গসকলৰ মাজত হুইল চেয়াৰ আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়।
লগতে পঢ়ক : চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয় টীয়কত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ
উক্ত অনুষ্ঠানত বিধায়কসকল ক্ৰমে- Hemanga Thakuria Assam, Diganta Kalita, Suman Haripriya আৰু নন্দিতা দাস, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অধ্যক্ষ ড° প্ৰদীপ ঠাকুৰীয়াৰ লগতে সমাজ কল্যাণ বিভাগৰ প্ৰধান সচিব মুকেশ চন্দ্ৰ চাহু, সঞ্চালক বিভাষ মোদী আৰু অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।