গুৱাহাটী : বিশ্ব ফিজিঅ’থেৰাপী দিৱসৰ সৈতে সংগতি ৰাখি বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটী হাস্পতালত বিশ্ব ফিজিঅ’থেৰাপী দিৱস পালন কৰা হয়। এই উপলক্ষে হাস্পতালখনৰ ফিজিঅ’থেৰাপী বিভাগে বিভিন্ন জনসজাগতামূলক কার্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে প্রত্যেক বছৰে ৮ ছেপ্তেম্বৰত ৱর্ল্ড কনফেডাৰেচন অৱ ফিজিঅ’থেৰাপীৰ প্রতিষ্ঠা দিৱসত একোটা মূল বিষয়ৰ ওপৰত গুৰুত্ব দি এই দিৱস পালন কৰা হয়। এইবেলিৰ বিষয় বস্তু হৈছে পুনৰ সংস্থাপন আৰু দীর্ঘকালীন ক’ভিড।

হেলথ চিটীত অনুষ্ঠিত বিশ্ব ফিজিঅ’থেৰাপী দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি বিশিষ্ট অস্থি-শল্য ৰােগ বিশেষজ্ঞ ডাঃ ইৰাণ ভৰালীয়ে কয় এইবেলি বিশ্ব পৰিস্থিতিৰ সৈতে সংগতি ৰাখি মূল বিষয় বস্তুৰ নিৰ্ধাৰণ কৰা হৈছে। এই সন্দৰ্ভত ডাঃ ভৰালীয়ে কয় যে ক’ৰনা ভাইৰাছত আক্রান্ত হ’লে ৰােগীৰ শ্বাস কষ্ট, ভাগৰ লগা, জ্বৰ-কাঁহ, বুকুৰ বিষ, মাংস পেশী কঠিন হােৱা, গন্ধ-সােৱাদ নাইকিয়া হােৱা, গাঁঠিৰ বিষ আৰু শেহতীয়াকৈ ব্রেইন ফগিঙৰ দৰে লক্ষণ দেখা দিয়ে। ক’ভিড চিকিৎসাৰ লগতে প্রয়ােজনত ফিজিঅ’থেৰাপী কৰিলে ৰােগীয়ে যথেষ্ঠ উপশম পায়।

আনহাতে হেলথ চিটীৰ ফিজিঅ’থেৰাপী বিভাগৰ মুখ্য চিকিৎসক ডাঃ অৰিন্দম দেৱে ফিজিঅ’থেৰাপী উপকাৰীতা আৰু উদ্দেশ্য ব্যাখ্যা কৰি কয় যে ৰােগীক চলনক্ষম আকু দৈনন্দিন কাম কাজ সমূহ কৰিব পৰা কৰিব পৰাকৈ সক্ষম কৰি তােলাটোৱে ফিজিঅ’থেৰাপীৰ উদ্দেশ্য বা লক্ষ্য।

লগতে পঢ়ক :  বাজপেয়ী ভৱনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৪৩ সংখ্যক তিৰৰভাৱ তিথি পালন

ফিজিঅ’থেৰাপীয়ে গাঁঠিৰ বিষ, জঠৰতা আদিৰ পৰা ৰােগীক উপশম দিয়াৰ লগতে ৰােগীৰ মনৰ পৰা হতাশা, দুশ্চিন্তা আৰু অস্থিৰতাক আঁতৰ কৰে। উল্লেখ্য যে অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্রহণ কৰি ফিজিঅ’থেৰাপীৰ উপকাৰিতা সম্পর্কে বক্তব্য আগবঢ়ায় জনপ্রিয় ৰেডিঅ’ জকি মেণ্ডিয়ে। উপস্থিত থাকে হেলথ চিটী হাস্পতালৰ চিকিৎসা সঞ্চালক ডাঃ বি পি চক্ৰৱৰ্তী, অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ, চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰ প্ৰমুখ্যে জ্যেষ্ঠ চিকিৎসকসকল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply