গুৱাহাটী : নাৰায়ন ডেকা, পেচাত গুৱাহাটী অনুৰাধা ছবি গৃহৰ এগৰাকী প্ৰজেকশ্যনিষ্ট (চিনেমা প্ৰজেক্টৰ চলাওঁতা)। বিগত ১৮ বছৰে ডেকাই পৰ্দাত চিনেমা প্ৰদৰ্শন কৰি নিজৰ পৰিয়াল চলাই আহিছে। উপাৰ্জন বিশেষ নহ’লেও ইমান দিনে তেওঁ ঘৰ চলাব পৰাকৈ সময়মতে পইচা কেইটা পাই আহিছিল। কিন্তু যোৱা বছৰৰ পৰা আৰম্ভ হোৱা ক’ভিড মহামাৰীয়ে ডেকাৰ লগতে ছবি গৃহত কাম কৰা বিভিন্ন কৰ্মচাৰীসকলৰ বাবে এক অভাৱনীয় দুৰ্য্যোগ নমাই আনিছে।

ক’ভিডৰ ফলত যোৱা ডেৰ বছৰতকৈ অধিক কাল ধৰি গুৱাহাটীৰ ছবিগৃহ সমূহ বন্ধ হৈ আছে যাৰ ফলত ডেকাৰ দৰে শতাধিক কৰ্মীয়ে সংস্থাপন হেৰোৱাই আৰ্থিক অনাটনত দিন পাৰ কৰিছে। ইষ্টম’জ’ৰ আগত ডেকাই কয়, ‘যোৱা কেইবা মাহৰ পৰা দুবেলা দুমুঠি যোগাৰ কৰাটোৱেই টান হৈ পৰিছে।’

উপায়হীন হৈ বৰ্তমান তেওঁ গুৱাহাটীতে দিন হাজিৰা কৰাৰ পথ বাছি লয়। ‘এতিয়া দিন হাজিৰা কামেই কৰোঁ, কিন্তু বৰ্তমান চলি থকা পৰিস্থিতিৰ বাবে কাম পোৱাটো সহজ নহয়,’ তেওঁ কয়।

তেওঁৰ দৰে একেই আক্ষেপ প্ৰকাশ কৰে গুৱাহাটীৰ বৰ্তমান বন্ধ হৈ পৰা এটা ছবি গৃহৰ এগৰাকী প্ৰাক্তন কৰ্মচাৰীয়ে। তেওঁ কয়, ‘চিনেমা হলটো বন্ধ হৈ পৰাৰ পিছত মই বিভিন্ন কাম বিচাৰি ফুৰিছো, এমাহ খবৰ কাগজ বিলালো তাৰ পিছত এটা মাহ পাচলি বেচিলো।’

২০২০/২০২১

ক’ভিড লকডাউনৰ ফলত হোৱা লোকচানৰ বাবে গুৱাহাটীৰ চাৰিটা চিনেমা হলকে ধৰি অসমৰ ৬ টা ছবি গৃহ সদাইৰ কাৰণে বন্ধ হৈ পৰিব বুলি ২০২০ চনৰ ডিচেম্বৰত খবৰ ওলাইছিল। উক্ত ছবি গৃহ কেইটা হৈছে গুৱাহাটীৰ অপস্বৰা চিনেমা হল, মেঘদূত পিকচাৰ পেলেচ, উৰ্বশী আৰু বন্দনা ছবি গৃহ তথা বিজয়নগৰৰ ছিলভাৰ স্ক্ৰিন আৰু নগাঁৱৰ অদিতি ছবি গৃহ। কিছুদিনৰ বাবে খোলাৰ পিছত এইবছৰ মাৰ্চ আৰু এপ্ৰিলৰ পৰা পুনৰ ক’ভিড মহামাৰী আৰম্ভ হোৱাত বাকী ছবি গৃহ সমূহো বন্ধ হৈ পৰে। ফলত কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হয়।

অনুৰাধা চিনেপ্লেক্সৰ একাউণ্টছ বিভাগত কাম কৰা হিমাদ্ৰি দাসে কয়, ‘জমা টকাৰে প্ৰথমটো লকডাউন পাৰ কৰিলো। কিন্তু এতিয়া চলিবলৈ হাতত জমা পইচা নাই, তাতে দিনক দিনে খৰচ বাঢ়ি গৈ আছে।’

দাসে এতিয়া সপ্তাহটোত চাৰিদিন কাম কৰে। ‘টকা পইচাৰ অভাৱৰ লগতে পেট্ৰল-ডিজেলকে ধৰি আন অত্যাৱশকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ ফলত আমাৰ জীৱন চলোৱাটো খুব কঠিন হৈ পৰিছে,’ তেওঁ লগতে কয়।

ক’ভিডৰ দ্বিতীয় ধৌ আৰম্ভ হোৱাৰ কিছুদিন পিছতে জুন মাহত গুৱাহাটীৰ বদনা চিনেমা হলটো ভাঙি পেলোৱা হয়। সেই ঠাইত এটা ছপিং কম্প্লেক্স নিৰ্মাণ কৰা হ’ব।

অনুৰাধা চিনেপ্লেক্সৰ মালিক চিন্ময় শৰ্মাই কয়, ‘আমাৰ ২৫ গৰাকী কৰ্মচাৰী আছে তেওঁলোকক আমি দৰমহাৰ অন্ততঃ আধা পইচা দি আহিছ।’ শৰ্মাই জনোৱা মতে কোনোধৰণৰ উপাৰ্জন অবিহনে বৰ্তমান তেওঁলোকৰ প্ৰতি মাহে ২-৩ লাখকৈ টকা খৰচ হৈ আছে।

বিশেষকৈ বিদ্যুতৰ মাচুল দি থাকিব লগীয়া হোৱাটো এক ডাঙৰ বোজা স্বৰূপ হৈ পৰা বুলি উল্লেখ কৰি ছবি গৃহসমূহক এইক্ষেত্ৰত কিছু ৰেহাই দিবলৈ চৰকাৰক সদৌ অসম চিনেমা হল মালিক সন্থাৰ ফালৰ পৰা স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে বুলি শৰ্মাই জানিবলৈ দিয়ে।

লগতে পঢ়ক : অসম-মেঘালয়ৰ সীমা বিবাদত পিষ্ট এখন দুৰ্গম গাঁও; ৫০ বছৰে দেখা নাই উন্নয়নৰ মুখ

ছবি গৃহত কাম নাথাকিলে এগৰাকী চিনেমা টেক্নিচিয়ানে কি কৰি খাব?

নাৰায়ন ডেকাৰ দৰে ছবি গৃহত কাম কৰা কৰ্মীসকলৰ বাবে আটাইতকৈ ডাঙৰ হেঙাৰ হৈছে কাম অভাৱ। ‘গোটেই জীৱন মই প্ৰজেক্টৰ চলাই আহিলো। এতিয়া তাৰ বাহিৰে মই বেলেগ কাম একো নাজানো,’ ডেকাই কয়। দৰমহাৰ নামত পাই থকা টকা কেইটাৰে পৰিয়াল চলোৱাটো তেওঁৰ বাবে কষ্টকৰ হৈ পৰিছে।

অনুৰাধা চিনেপ্লেক্সত গে’ট ৰখীয়া কে ডেকাই দৰমহাৰ গোটেই কেইটা টকা পাই আছে যদিও ক’ভিডৰ ফলত বাকী গাৰ্ডকেইজনক সাময়িক অব্যাহতি দিয়াত বৰ্তমান তেওঁ অকলেই চিনেমা হলটোত আগতে থকা পাঁচজন গাৰ্ডৰ কাম কৰিব লাগে। আন্তঃজিলা লকডাউনৰ ফলত যোৱা ৩ মাহে তেওঁ দৰঙত থকা নিজৰ ঘৰলৈ যাব পৰা নাই।

পৰিস্থিতি ভাল হৈ পুনৰ ছবি গৃহসমূহ খুলিবলৈ চৰকাৰে নিৰ্দেশ দিয়ে মানে হয়টো আৰু ১২-১৫ টা ছবি গৃহ চিৰদিনলৈ বন্ধ হৈ পৰিব। ৰাজ্যত বৰ্তমান প্ৰায় ৮০ টা ছবি গৃহ আছে। কামৰ পৰা অব্যাহতি ল’ব লগীয়া হোৱা ছবি গৃহৰ কৰ্মচাৰীসকলৰ ওচৰত এতিয়া বেলেগ কাম বিচৰাৰ বাহিৰে অন্য গত্যন্তৰ নাথাকিব।

ইংৰাজীত পঢ়ক : Picture Baaki Hai? Guwahati’s cinema staff face tough present, unsure future amid pandemic

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply