শিৱসাগৰ : মঙলাবাৰে বিয়লি ঐতিহাসিক দিচাংমুখৰ অফলাত নদীৰ খহনীয়া প্ৰতিৰোধী প্ৰকল্প পৰিদৰ্শন কৰে জলসম্পদ মন্ত্ৰী পিয়ুষ হাজৰিকাই। খহনীয়া প্ৰতিৰোধৰ বাবে প্ৰথমবাৰৰ বাবে ” ইৰ’ছন শ্বিল ” পদ্ধতি ব্যৱহাৰ কৰা প্ৰায় ডেৰ কোটি টকীয়া প্ৰকল্পটো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
প্ৰকল্পটো পৰিদৰ্শন কৰি মন্ত্ৰী গৰাকীয়ে সদ্যহতে অফলাত খহনীয়া ৰোধৰ বাবে অস্থায়ীভাৱে এই পদক্ষেপ লৈছে যদিও বাৰিষাৰ পিছত স্থায়ী সমাধান কৰিবলৈ চেষ্টা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। বৰ্তমান খহনীয়া হৈ থকা দুই কিলোমিটাৰ খহনীয়া প্ৰভাৱিত অঞ্চলটো যিকোনো প্ৰকাৰে ৰোধ কৰিব বুলিও ব্যক্ত কৰে মন্ত্ৰী গৰাকীয়ে।
ৰাজহুৱা ধনৰ যাতে কোনো কাৰণতে অপব্যয় নহয় তাৰ বাবেও ঠিকাদাৰক নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে। ইয়াৰ উপৰিও ৫০-৬০ বছৰীয়া পুৰণি মথাউৰি সমূহো পৰ্যায়ক্ৰমে পুনৰ নিৰ্মাণ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে পিয়ুষ হাজৰিকাই। ইপিনে যি সকল ঠিকাদাৰে দীৰ্ঘদিনে প্ৰাপ্য ধন আদায় পোৱা নাই সেই সকলৰ ধন একাদিক্ৰমে মুকলি কৰিব বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।
লগতে পঢ়ক : আই পি এছ বিষয়া নিম্বালকৰৰ নেতৃত্বত এটাৰ পিছত আনটো সাফল্য
খহনীয়া প্ৰতিৰোধৰ বাবে পূৰ্বৰ পদ্ধতি সমূহ ত্যাগ কৰি নিজা চিন্তা ধাৰাৰে আগবঢ়াই নিয়াৰ কথাও সদৰী কৰে মন্ত্ৰী গৰাকীয়ে।লক্ষ্যণীয় যে দিচাংমুখ ভ্ৰমণৰ পূৰ্বে মন্ত্ৰী পিয়ুষ হাজৰিকাই ডিমৌ নিতাই, বকতাত নদীৰ খহনীয়া পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ মন্ত্ৰী পিয়ুষ হাজৰিকাক সংগ দিয়ে সাংসদ তপন কুমাৰ গগৈ, থাউৰাৰ প্ৰাক্তন বিধায়ক কুশল দুঁৱৰীয়ে।