বৰপেটা : ৰাজ্যৰ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই বৃহস্পতিবাৰে বৰপেটা জিলাৰ বহৰিত ব্ৰহ্মপুত্ৰ নৈয়ে সৃষ্টি কৰা ব্যাপক খহনীয়া জনিত পৰিস্থিতিৰ পৰিদৰ্শন কৰি অৱস্থাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে নৈৰ খহনীয়াই অঞ্চলটোৰ লগতে মহাপুৰুষ হৰিদেৱৰ দ্বাৰা স্থাপিত ঐতিহাসিক বহৰি সত্ৰৰ প্ৰতি সৃষ্টি কৰা প্ৰবল ভাবুকি স্বচক্ষে প্ৰত্যক্ষ কৰি উদ্বিগ্নতা প্ৰকাশ কৰে আৰু ঐতিহ্যমণ্ডিত সত্ৰখন যিকোনো উপায়েৰে ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ সত্ৰখনৰ লগতে বহৰি বজাৰ অঞ্চলটোৰ সুৰক্ষাৰ বাবে এখন জিও বেগৰ আঁচনি চলিত বিত্তীয় বৰ্ষতে গ্ৰহণ কৰা হ’ব বুলি ঘোষণা কৰে।

সমগ্ৰ খহনীয়া পীড়িত অঞ্চলটো পৰিদৰ্শনৰ অন্তত মন্ত্ৰী গৰাকীয়ে কয় যে বহৰিৰ সুৰক্ষাৰ বাবে দুতৰপীয়া ব্যৱস্থা গ্ৰহণ কৰা হ’ব। প্ৰথম পৰ্যায়ত সত্ৰৰ কাষৰ এক-ডেৰ কিলোমিটাৰ অঞ্চলত জিও বেগেৰে সুৰক্ষাৰ ব্যৱস্থা লোৱা হ’ব। তাৰ লগে লগে উজনিৰ দিশে পাৰ্কুপাইন দি নৈখনৰ গতি সলনিৰো প্ৰয়াস চলোৱা হ’ব। এই কাৰ্যত সফল হলে বাকী অংশও সুৰক্ষিত হোৱাৰ আশা আছে। অন্যথা বাকী অংশৰ বাবে পৰ্যায়ক্ৰমে অন্য প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে উপস্থিত সাংবাদিকৰ আগত সদৰি কৰে।

তদুপৰি সাময়িক সকাহৰ বাবে জলসম্পদ বিভাগৰ নিয়মীয়া মেৰামতি আৰু প্ৰতিপালন শিতানৰ পুঁজিৰে যৎপৰোনাস্তি প্ৰচেষ্টা চলাই যাবলৈ বিভাগীয় বিষয়া সকলক নিৰ্দেশ দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয় যে, ইতিমধ্যে এই অস্থায়ী ব্যৱস্থায়ো কিছু কাম দিছে । মন্ত্ৰী গৰাকীয়ে কিছুদূৰ নাৱেৰে গৈও খহনীয়াৰ ভয়াবহতা প্ৰত্যক্ষ কৰে। এই পৰিদৰ্শন কালত চেঙা সমষ্টিৰ বিধায়ক‌ আশ্ৰাফুল হুছেইন, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদ, জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচাল আৰু জলসম্পদ বিভাগৰ জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

ৰাজ্যৰ তথ্য আৰু জনসংযোগ তথা সংসদীয় পৰিক্ৰমা বিভাগৰো দায়িত্বত থকা মন্ত্ৰী গৰাকীয়ে ইয়াৰ আগতে প্ৰথমেই বহৰি সত্ৰত সেৱা জনাই সত্ৰ চৌহদতে এটা গছপুলি ৰূপণ কৰে। সত্ৰ সমিতিৰ তৰফৰ পৰা মন্ত্ৰী গৰাকীক গায়ন বায়নেৰে আদৰণি জনোৱাৰ লগতে চেলেং চাদৰ, গ্ৰন্থৰ টোপোলা আদিৰে সম্বৰ্ধনা জনায়। জিলা জনসংযোগ বিষয়া আৰু জলসম্পদ বিভাগৰ তৰফৰ পৰাও মন্ত্ৰী গৰাকীক ফুলাম গামোছা, শৰাই আদিৰে আদৰণি জনোৱা হয়।

লগতে পঢ়ক : চৰাইদেউ জিলাৰ চাহ বাগিছা সমূহত ক’ভিড-১৯ প্ৰতিষেধক প্ৰদানৰ বাবে বিশেষ ব্যৱস্থা

বহৰিৰ খহনীয়া পৰিদৰ্শনৰ পিছতে মন্ত্ৰী হাজৰীকাই সৰভোগলৈ গৈ কালি মৃত্যু বৰণ কৰা বিজেপিৰ জিলা সভাপতি তথা অসম শক্তি উৎপাদন প্ৰতিষ্ঠানৰ অন্যতম সঞ্চালক প্ৰয়াত শংকৰ চন্দ্ৰ দাসৰ বাসগৃহত উপস্থিত হৈ তেখেতৰ পৰিয়াল বৰ্গক সাক্ষাৎ কৰাৰ লগতে মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। তাৰ পিছতে তেওঁ পাঠশালালৈ গৈ অলপতে মৃত্যু মুখত পৰা বিশিষ্ট শিক্ষাবিদ তথা সমাজ কৰ্মী সম্পূৰ্ণানন্দ তালুকদাৰৰ ঘৰলৈ গৈ মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply