বিশ্বনাথ : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা বিশ্বনাথ জিলা প্ৰশাসনৰ ‘অভিভাৱক মন্ত্ৰী’ পীয়ুষ হাজৰীকাই শুকুৰবাৰে বিশ্বনাথ জিলাত উপস্থিত হৈ সমগ্ৰ জিলাখনতে অবৈধ মদৰ ঘাটিবোৰ অহা তিনি দিনৰ ভিতৰত উৎখাত কৰাৰ বাবে বিশ্বনাথৰ জিলা আৰু আৰক্ষী প্ৰশাসনৰ প্ৰতি কঠোৰ নিৰ্দেশ জাৰি কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে যে অবৈধ মদৰ ঘাটি থকা অঞ্চলসমূহেই ক’ভিড সংক্ৰমিত হোৱা মূল ঘাটিলৈ ৰূপান্তৰ হোৱা বুলি তেখেতৰ নিজা এক সমীক্ষাত পোহৰলৈ আহিছে। তেখেতে ৰাজ্যখনৰ অন্যান্য জিলাসমূহতো এনে তথ্য পোৱাৰ উদাহৰণ দাঙি ধৰে।

মন্ত্ৰী গৰাকীয়ে ক’ভিড পৰিস্থিতিৰ বুজ লোৱাৰ উদ্দেশ্যেৰে শুকুৰবাৰে বিশ্বনাথ জিলা ভ্ৰমণ কৰে। মন্ত্ৰী গৰাকীয়ে কয় “আমি যদি বিশ্বনাথ জিলাত ক’ভিড পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ বিছাৰো, তেন্তে তিনি দিনৰ ভিতৰত সকলো অবৈধ মদৰ ঘাটি উৎখাত কৰিব লাগিব। এই ক্ষেত্ৰত কোনো ধৰণৰ বুজাপৰা কৰা নহ’ব। মই সকলোকে বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱাটো বিছাৰো।” তেখেতে লগতে কয় যে এই নিৰ্দেশ বাস্তৱত পালন নহ’লে সংশ্লিষ্ট এলেকাৰ ৰাজহ চক্ৰ বিষয়াসকলক জৱাবদিহি কৰা হ’ব। ক’ভিডৰ মূল ঘাটি হিচাপে চিনাক্ত হোৱা অঞ্চলবোৰত আৰু ইয়াৰ আশে-পাশে টীকাকৰণৰ প্ৰক্ৰিয়া ক্ষিপ্ৰতৰ কৰি তুলিবলৈও মন্ত্ৰী গৰাকীয়ে প্ৰশাসন আৰু স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে।

মন্ত্ৰী গৰাকীয়ে লগতে আৰু কয় যে ক’ভিড ৰোগাক্ৰান্তই যাতে অন্য ব্যক্তিলৈ ৰোগৰ বীজানু বিয়পাব নোৱাৰে, তাৰ বাবে গৃহ পৃথকীকৰণক উৎসাহিত কৰিব নালাগে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ সকলো নীতি-নিৰ্দেশনা কঠোৰভাৱে মানি চলিব পৰা ৰোগীকহে গৃহ পৃথকীকৰণৰ অনুমতি দিব লাগে। বিশ্বনাথ জিলাত যোৱা ২৮ জুনৰ পৰা ২৪ ঘণ্টাই সান্ধ্য আইন চলি আছে। তথ্য অনুসৰি সান্ধ্য আইন বলবৎ হোৱা দিন ধৰি ক’ভিড আক্ৰান্তৰ হাৰো কমি আহিছে জিলাখনত। তুলনামূলক সমীক্ষা অনুযায়ী জিলাখনত সান্ধ্য আইনৰ পূৰ্বে ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৩.৩৫ শতাংশ আৰু বৰ্তমান ই কমি গৈ হৈছে ২.৭৭ শতাংশ।

লগতে পঢ়ক :  অসমক স্বৈৰাচাৰী শাসন ব্যৱস্থাৰ দিশে গতি কৰোৱাইছে মুখ্যমন্ত্ৰীয়ে:অসম জাতীয় পৰিষদ

মন্ত্ৰী গৰাকীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত জিলাখনত ৰূপায়ন হৈ থকা প্ৰকল্পসমূহৰো পৰ্যালোচনা কৰে। তেখেতে ‘জল জীৱন অভিযান’ৰ প্ৰকল্পৰ কাম্-কাজসমূহৰ গতি খৰতকীয়া কৰি নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ সংশ্লিষ্ট বিষয়াবৰ্গক নিৰ্দেশ দিয়ে। ক’ভিড পৰ্যালোচনা সভাত অভিভাৱক সচিব ৰাজেশ প্ৰসাদ, জিলা উপায়ুক্ত প্ৰণৱ কুমাৰ শৰ্মা, আৰক্ষী অধীক্ষক ৰিপুল দাস, গহপুৰৰ মহকুমাধিপতি আদিত্য বিক্ৰম যাদৱ আৰু অন্যান্য বিভিন্ন বিভাগৰ প্ৰশাসনীয় বিষয়াসকলো উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply