গুৱাহাটী : অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই গুৱাহাটীৰ বশিষ্ঠস্থিত অসম জল ভৱনত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA) আৰু জলসম্পদ বিভাগৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশ লয়। পৰ্যালোচনা বৈঠকত মন্ত্ৰীগৰাকীৰ সন্মুখত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA) ৰ মুখ্য কাৰ্যবাহী বিষয়া ডা: জীৱন বিয়ে অসমৰ বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ লগতে FREMAAৰ অন্যান্য বিভিন্ন গুৰুত্বপূৰ্ণ আঁচনি সম্পৰ্কে এক উপস্থাপন দাঙি ধৰে।
মন্ত্ৰীগৰাকীয়ে এই বিভিন্ন আঁচনিসমূহৰ সফল ৰূপায়নৰ বাবে প্ৰয়োজন হোৱা বিভিন্ন বিভাগীয় কাম কাজৰ বিষয়ে পৰ্যালোচনা কৰাৰ লগতে বিভাগীয় বিষয়াক এই কামসমূহ ক্ষীপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। অসমত বান আৰু খহনীয়া নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ দায়বদ্ধতাৰ কথা উনুকীয়াই দি মন্ত্ৰীগৰাকীয়ে বিভাগীয় সকলোকে এই ক্ষেত্ৰত নিষ্ঠাৰে কাম কৰিবলৈ আহ্বান জনায় আৰু বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ বিভিন্ন আঁচনিৰ সফল ৰূপায়ণ হ’ব বুলি আশা প্ৰকাশ কৰে। আনহাতে দীৰ্ঘদিন ধৰি অসমৰ এটা জলন্ত সমস্যা হৈ থকা বানপানী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সময়ে সময়ে নতুন কিছু চিন্তা কৰাৰ প্ৰয়োজনীয়তা থকাৰ কথাও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।
লগতে পঢ়ক : তিনিচুকীয়াৰ টিৰাপ গেটত ভয়াবহ পথ দুৰ্ঘটনা! নিহত দুজন
মন্ত্ৰীগৰাকীৰ এই পৰ্যালোচনা বৈঠকত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণ (FREMAA)ৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO) ডা: জীৱন বি, জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা বৰসিং ৰংপীৰ লগতে অভিকৰণ তথা বিভাগৰ আন বিষয়া আৰু অভিযন্তাসকল উপস্থিত আছিল।