সোণাৰি : সমাগত পৌৰসভাৰ নিৰ্বাচন। তাৰ প্ৰাকক্ষণত সোণাৰিবাসীয়ে লাভ কৰিব ঘৰে ঘৰে পাইপযোগে ৰন্ধন গেছৰ সংযোগ। এই উদ্দেশ্যে আজি উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয়। সোণাৰি পৌৰসভাৰ কাৰ্যালয়ত অনুষ্ঠিত হয় উদ্বোধনী অনুষ্ঠানৰ।
অসম গেছ কোম্পানীৰ উদ্যোগত সোণাৰি পৌৰসভাৰ এলেকাত ঘৰে ঘৰে পাইপযোগে ৰন্ধন গেছৰ সংযোগ দিবলৈ সোণাৰি সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ সপোন পূৰণৰ প্ৰথমটো খোজ হিচাপে আজি শুভাৰম্ভ কৰা হয় বিশেষ পদক্ষেপ। ইফালে সোণাৰি পৌৰসভাৰ উন্নয়নৰ বাবে অনুমোদিত এক কোটি টকাৰে বাৰটা পথ আৰু এটা নৰ্দমা নিৰ্মাণৰ কামো আজি শুভাৰম্ভ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।
আজি পৌৰসভাৰ বাট-পথৰ আধাৰশিলা স্থাপন তথা পাইপযোগে ৰন্ধন গেছ সংযোগৰ শুভাৰম্ভ অনুষ্ঠানত অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈ, চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, চৰাইদেউ জিলা বিজেপিৰ সভাপতি লক্ষ্মীনাথ তাছাকে ধৰি বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
উল্লেখ্য যে, সোণাৰি পৌৰসভাৰ এলেকাত আজি যদুৰাম ডেকাবৰুৱা পথ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয় সংযোগী পথ, ফণী গগৈ পথ (দ্বিতীয় স্তৰৰ), বালিজান পথ, ধনঞ্জয় বৰুৱা পথ, জয়া প্ৰাথমিক বিদ্যালয়ৰপৰা শ্মশান সংযোগী পথৰ লগতে কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰা হয়। পঞ্চদশ বিত্তীয় আয়োগৰ ২০২১-২২ বিত্তীয় বৰ্ষৰ আৱণ্টিত পুঁজিৰ অধীনত নিৰ্মাণ কৰা হ’ব এই পথকেইটা।
লগতে পঢ়ক- কামাখ্যাত ৰেলৰ পৰা উদ্ধাৰ বিৰল প্ৰজাতিৰ কাছ